ৰামধেনুৰ ৰঙৰ দৰে নদী আপোনালোকে দেখিছেনে?

ৰামধেনুৰ ৰঙৰ দৰে নদী আপোনালোকে দেখিছেনে? ক'ত আছে এই নদীখন? আমি সকলোৱেই জানো পানীৰ ৰং নাই। সেইয়া সাগৰৰ পানীয়েই বা নদীৰ পানীয়েই হওঁক। কিন্তু আজি আপোনালোকক এনেকুৱা এখন নদীৰ কথা কম যাৰ পানীৰ ৰং ৰামধেনুৰ ৰঙৰ দৰে। ৰহস্যময় নদীখন আছে কলম্বিয়াত। যাৰ নাম ৰেইনব্ৰ নদী। এই নদীখনৰ পানী ৰামধেনুৰ ৰঙৰ দৰে। ইয়াৰ মাজতো আছে এটা ৰহস্য জানো আহক।। ৰেইনব্ৰ নদীখনৰ পানী বোৰ প্ৰতিজন প্ৰত্যক্ষদৰ্শীয়ে ৰামধেনুৰ ৰঙৰ দৰে দেখে কিয় জানেনে? কাৰণ নদীখনৰ পানীৰ তলত থকা উদ্ভিদ বোৰ বাতাবৰণৰ ওপৰত নিৰ্ভৰ কৰি ৰঙা,নীলা, হালধীয়া, বেঙুনীয়া ,কমলা, আদি ৰঙৰ হয়। যাৰ কাৰণে প্ৰত্যক্ষদৰ্শী সকলে পানী খিনিৰ ৰং ৰামধেনুৰ ৰঙৰ দৰে দেখে। সেইবাবে এই নদীখন অন্য নদী সমূহতকৈ বেলেগ।