দিবলৈ আছে কেৱল এমুঠি শব্দ !

এমুঠি শব্দৰ বাহিৰে দিবলৈ মোৰ একোৱেই নাই! চলিত বৰ্ষত সাহিত্য অকাডেমীৰ অসমীয়া ভাষাৰ বঁটাৰ বাবে নিৰ্বাচিত হোৱা কবি সমীৰ তাঁতীয়ে তেওঁৰ গুণমুগ্ধ পাঠকক কৃতজ্ঞতা জনাই এনেদৰে কৈছিল ৷ তেওঁ কৈছিল — - 'মোৰ প্ৰতিগৰাকী গুণমুগ্ধ, অনুৰাগী, শুভাকাংক্ষীক ধন্যবাদ জনাইছোঁ। শব্দ এমুঠিৰ বাহিৰে মোৰ দিবলৈ আন একোৱে নাই। কবি এগৰাকীৰ জীৱনত শব্দহে মূল চালিকা শক্তি। শব্দৰ মাজেৰে কবিয়ে গতি কৰে।' উল্লেখ্য যে প্ৰসিদ্ধ কবি, অনুবাদক তথা চিত্ৰকৰ সমীৰ তাঁতীৰ জন্ম হৈছিল ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীত, গোলাঘাটৰ বিহৰা চাহ বাগিচাৰ শাখা মিকিৰচাং চাহ বাগিচাত৷ ১৯৮৫ চনত তেওঁৰ প্ৰথমখন কাব্য পুথি 'যুদ্ধভূমিৰ কবিতা' প্ৰকাশিত হৈছিল৷ তাৰপাছত 'শোকাকুল উপত্যকা' (১৯৯০), 'অত্যাচাৰৰ টোকাবহী' (১৯৯৩), 'সেউজীয়া উৎসব'(১৯৯৪), 'বিষয় দুর্ভিক্ষ' (১৯৯৪), এই আন্ধাৰ এই পোহৰৰ তন্ময়তা' (১৯৯৮), 'কদম ফুলাৰ ৰাতি' (২০০১), 'বিষাদ সংগীত' (২০০৪), 'তেজ আন্ধাৰৰ নাও' (২০০৬), 'কায়াকল্পৰ বেলা' (২০১৩), 'যাওঁগৈ ব'লা' (২০২১) আদি গ্রন্থৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। এইবাৰ সাহিত্য অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত কবিগৰাকীৰ 'ফৰিংবোৰে বাটৰ কথা জানে' নামৰ গ্ৰন্থখন প্ৰকাশ পাইছিল ২০২১ চনত। শেহতীয়াভাৱে তেওঁৰ 'বিগলিত প্রার্থনা' নামৰ এখন কাব্য পুথিৰ লগতে 'লগ পাম কৰবাত এদিন' নামৰ এখন গদ্য সংকলনো প্রকাশ পাইছে৷ ইয়াৰ উপৰিও নিগ্রো কবিতাৰ সংকলন 'কাফ্রি কবিতা', গদ্য সংকলন 'সময় শব্দ সপোন', 'ঈশ্বৰ আৱৰ্জনা আৰু পতিতালয়', অনুবাদ গ্রন্থ 'জাপানী প্ৰেমৰ কবিতা' আদিৰেও অসমীয়া ভাষা-সাহিত্যক চহকী কৰিছে সমীৰ তাঁতীয়ে। এতিয়ালৈকে মুঠ ২৪ খন গ্ৰন্থ প্ৰকাশ পোৱা তাঁতী ইতিপূৰ্বে ছগনলাল জৈন সাহিত্য বঁটা, অসম উপত্যকা সাহিত্য বঁটা, ৰতন টাটা শিৰীষ বঁটা, কাব্য প্রজ্ঞা বঁটা আদি বিভিন্ন বঁটাৰে সন্মানিত হৈছে।