ৰাধাচূড়া গছৰ কথা আপোনালোকে জানেনে?

বৰ্তমান সময়খিনিত প্ৰতিখন চহৰৰ পথৰ দাঁতিসমূহ দেখনিয়াল কৰি তোলা গছ সমূহৰ ভিতৰত ইও এবিধ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ডিলোনিক্স ৰেজিয়া ৰাফ। পুৰণি কিতাপ সমূহত এই নামটো পয়নচিয়ানা ৰেজিয়া ব'জ বুলি আছিল। ডিলোনিস্কৰ অৰ্থ হৈছে "পশু-পক্ষীৰ নাই বা গজালৰ দৰে।" ১৯ শতিকাৰ আৰম্ভণিতে ইয়াক মৰিছাছলৈ নিয়া হৈছিল। সেয়েহে মৰিছাছৰ থলুৱা গছ বুলিও কোৱা হয়। উদ্ভিদ জোপাৰ আৰম্ভণি ভাৰতত কেতিয়াৰ পৰা হ'ল সেই বিষয়ে সঠিক তথ্য পোৱা নাযায় যদিও ১৮৪৫ খৃষ্টাব্দত বোম্বাইত ১৮৫০ জোপা গছ আছিলে বুলি লিপিবদ্ধ কৰা আছে। বৰ্তমান সময়ত ভাৰতৰ চহৰ অঞ্চল সমূহত এই গছ জোপাই প্ৰাধান্য পাইছে। বিভিন্ন মাটি আৰু ভিন্ন জলবায়ুৰ লগত গছ জোপা সুন্দৰ ভাৱে খাপ খাই যায়। ফুলজোপা উজ্বল তথাপিও বাগিছাৰ বাবে উপযোগী নহয়। কাৰণ শিপা বোৰ চুটি আৰু প্ৰসাৰিত হয়। গছজোপাৰ বৃদ্ধি খুব সোনকালেই হয় । ওপৰফালে শাখা-প্ৰশাখা বোৰে ছাতিৰ দৰে আকাৰ লয় বাবে ফুল আৰু ছাঁ বিচৰা ঠাইত পথপ্ৰান্তৰ গছ হিচাপে সুবিধাজনক। দেখাত পাত বোৰ চৰাই পাখিৰ বৰ সুন্দৰ। পাতৰ ৰং পাতল সেউজীয়া,পাত বোৰৰ দৈৰ্ঘ্য ৫০ ছেণ্টিমিটাৰ পৰ্যন্ত দীঘল। ফ্ৰেব্ৰুৱাৰীৰ প্ৰায় মাজভাগ বা মাৰ্চ মাহৰ আৰম্ভণিতে ফুল ফুলাৰ আগতে পাতবোৰ সৰি যায় । সম্পূৰ্ণ পাতবোৰ সৰি গ'লে অজস্ৰ ফুলেৰে পৰিৱেশৰ শুভাবদ্ধন কৰে।