বছৰজুৰি নিষিদ্ধ কৰা হ’ল ফটকা
বছৰজুৰি দেশৰ ৰাজধানী দিল্লীত ফটকা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে। উচ্চতম ন্যায়ালয়ক এই কথা জনাইছে দিল্লী চৰকাৰে। দিল্লী চৰকাৰে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাতো ফটকা নিষিদ্ধ কৰাৰ নিৰ্দেশ দিবলৈ সর্বোচ্চ ন্যায়ালয়ক অনুৰোধ জনাইছে। সেই মৰ্মে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ অ'কা আৰু অগুষ্টাইন জর্জ মাছিয়ে হাৰিয়ান, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ চৰকাৰক ফটকা নিষিদ্ধ কৰা সম্পৰ্কত চৰকাৰৰ স্থিতি প্রকাশ কৰিবলৈ নিৰ্দেশ • দিয়ে। ৰাজধানী দিল্লীৰ শোচনীয় বায়ুৰ মানৰ প্রতি লক্ষ্য ৰাখিয়েই এই ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি বিচাৰপীঠে কয় যে দিল্লীত যিদৰে ফটকা নিষিদ্ধ কৰা হৈছে অনুৰূপ ধৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা চৰকাৰকো নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে যোৱা কেইবামাহো ধৰি ৰাজধানী দিল্লীত বায়ুৰ মান বিগত 'শোচনীয়'ৰপৰা 'অতি শোচনীয়' স্তৰতে আছে।
