'ন' ডিটেনচন নীতি' বাতিল, অনুত্তীর্ণ শিক্ষার্থী থাকিব লাগিব পঞ্চম, অষ্টম শ্রেণীত

বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষার্থীক পঞ্চম আৰু অষ্টম শ্ৰেণীত ৰাখি নোথোৱাৰ 'ন' ডিটেনচন' নীতি বাতিল কৰিছে কেন্দ্ৰীয় চৰকাৰে। উল্লেখ্য যে ২০১৯ চনত শিক্ষাৰ অধিকাৰ আইনৰ সংশোধনীৰ পাছত ১৬খন ৰাজ্য আৰু দুখন কেন্দ্রীয়শাসিত অঞ্চলে ইতিমধ্যে এই দুটা শ্রেণীত 'ন' ডিটেনচন' নীতি পৰিহাৰ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰেও ইয়াৰ অধীনত চলা বিদ্যালয়সমূহত এই নীতি আজি এক অধিসূচনাযোগে বাতিল কৰিছে। এই অধিসূচনা অনুসৰি, যদি এই দুয়োটা শ্ৰেণীৰ কোনো শিক্ষার্থীয়ে বার্ষিক নিয়মীয়া পৰীক্ষাত অনুত্তীর্ণ হয়, তেন্তে তেওঁক দুমাহৰ ভিতৰত পুনৰ পৰীক্ষাত বহাৰ সুযোগ দিয়া হ'ব। যদি সেই পৰীক্ষাতো তেওঁ অনুত্তীর্ণ হয়, তেন্তে তেওঁক নিজৰ শ্ৰেণী অনুসৰি পঞ্চম বা অষ্টম শ্ৰেণীত ৰাখি থোৱা হ'ব। পৰৱৰ্তী শিক্ষাবৰ্ষটোত শিক্ষাৰ্থীজনে একেটা শ্ৰেণীতে পঢ়িব লাগিব৷ কিন্তু শিক্ষাৰ্থীজনে যাতে শিক্ষা গ্ৰহণ বাদ নিদিয়ে সেইটো নিশ্চিত কৰা হ’ব৷ এই অধিসূচনা কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰা কেন্দ্রীয় বিদ্যালয়, জৱাহৰ নৱোদয় বিদ্যালয় আৰু সৈনিক স্কুলসহ ৩ হেজাৰৰো অধিক বিদ্যালয়ত প্রযোজ্য হ'ব৷