ৰাজ্যত স্থাপন হ’ব অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ
বিদেশত অসমৰ স্কিল, ছেমি স্কিল প্রার্থীসকলৰ নিযুক্তিৰ সুবিধাৰ বাবে এক আনুষ্ঠানিক প্ৰণালী প্ৰয়োগ কৰিবলৈ সোমবাৰে অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত অসমত এটা আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন জনাইছে৷ ইয়াৰ যোগেদি অসমৰ কৰ্মশক্তিক বিশ্বব্যাপী শ্রমিকৰ চাহিদাৰ সৈতে সামঞ্জস্য স্থাপন কৰি প্ৰাৰ্থীসকলৰ বিদেশত নিযুক্তিৰ বাবে এক সুসংগঠিত পথ সৃষ্টি কৰিব বুলি কোৱা হৈছে৷ অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্রই গুৱাহাটীত অৱস্থিত ইয়াৰ মূলকেন্দ্ৰ আৰু ৰাজ্যজুৰি সম্প্ৰসাৰিত কেন্দ্ৰৰ সৈতে "হাব এণ্ড স্প'ক" আৰ্হিত কাম কৰিব৷ অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্রই অসমৰ পৰা দক্ষ আৰু অৰ্থ-দক্ষ প্রার্থীৰ বিদেশত নিযুক্তিৰ সুবিধা প্রদানত সহায় কৰা, নিযুক্তি সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰা, চাকৰিৰ তথ্য প্ৰদান কৰা আৰু দক্ষতা বিকাশ কাৰ্যসূচী আগবঢ়োৱা, উপলব্ধ আন্তঃগাঁথনি ব্যৱহাৰ কৰি জিলা পৰ্যায়ৰ তথ্য কেন্দ্ৰ স্থাপন কৰা, বিশ্বব্যাপী শ্রমিকৰ চাহিদাৰ সন্দৰ্ভত গবেষণা কৰা আৰু সেই অনুসৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা, বিদেশ গমনৰ পূৰ্বে দিকদৰ্শনৰ প্রশিক্ষণ প্রদান কৰা আৰু নিযুক্তিৰ পাছত সৃষ্টি হ’ব পৰা সমস্যাবোৰৰ সমাধান কৰা আদি বিষয়বোৰ চম্ভালিব৷
