পানীৰ নামত বিহ পান কৰিছে অসমবাসীয়ে
খোৱাপানীৰ নামত বিহ পান কৰি থাকিবলগীয়াত পৰিছে অসমবাসীয়ে৷ এই সম্পৰ্কত নিজাববীয়াকৈ এখন আবেদন লৈ অসম চৰকাৰৰ উত্তৰ বিচাৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে৷ ৰাজ্যখনৰ ২১ খন জিলাৰ ভূ-গৰ্ভৰ পানীত মাত্ৰাধিক আৰ্ছেনিক আৰু ১৭ জিলাৰ পানীত মাত্ৰাধিক ফ্ল’ৰাইড থকাৰ তথ্য পাইছে ন্যায়াধীকৰণে৷ অহা ১৫ ফেব্ৰুৱাৰীত আবেদনখনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব৷ উল্লেখ্য যে মাত্ৰাধিক পৰিমাণৰ আৰ্ছেনিক আৰু ফ্ল’ৰাইড থকা পানীৰ সেৱন আৰু ব্যৱহাৰে মানুহৰ স্বাস্থ্যত ভয়ংকৰ প্ৰভাৱ পেলায় আৰু গুৰুতৰ জটিলতাৰ সৃষ্টি কৰে৷ দীৰ্ঘদিন ধৰি মাত্ৰাধিক আৰ্ছেনিকযুক্ত পানী সেৱনৰ ফলত বৃক্ক, যকৃত, হাওঁফাওঁ, পাকস্থলী আদি বিকল হোৱাৰ উপৰিও কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি বিভিন্ন স্বাস্থ্য গৱেষণা প্ৰতিবেদন প্ৰকাশ পাইছে৷ এই পানী ব্যৱহাৰৰ ফলত গুৰুতৰ চৰ্ম ৰোগত ভূগিবলগীয়াত পৰে৷ মাত্ৰাধিক ফ্ল’ৰাইডে দাঁত আৰু হাঁড়ৰ ক্ষতি কৰে৷ হাঁড় ক্ৰমাৎ নিশকতীয়া হৈ আক্ৰান্ত লোকজন পংগুত্বৰ দিশে আগবাঢ়ি যায়৷ কেন্দ্ৰীয় ভূ-জল পৰিষদৰ তথ্য অনুসৰি অসমৰ ২১ খন জিলা ক্ৰমে বাক্সা , বৰপেটা, বঙাইগাঁও, বিশ্বনাথ, কাছাৰ, দৰং, ধেমাজি, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শোনিতপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ ভূ-গৰ্ভৰ পানীত মাত্ৰাধিক পৰিমাণৰ ( প্ৰতি লিটাৰত ০.০১ মিলিগ্ৰামতকৈ বেছি) আৰ্ছেনিক আছে৷ আনহাতে, ১৭ জিলা ক্ৰমে বঙাইগাঁও, কাছাৰ, দৰং, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি, কামৰূপ, কাৰ্বি আংলং, কৰিমগঞ্জ, যোৰহাট, গোলাঘাট, লখিমপুৰ, নগাঁও, মৰিগাঁও, শিৱসাগৰ আৰু শোনিতপুৰ জিলাত মাত্ৰাধিক ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰিছে৷ এই ক্ষতিকাৰক ৰাসায়নিক মৌল দুবিধযুক্ত পানীৰ পৰা ৰাজ্যবাসীক সুৰক্ষিত কৰা আদি সম্পৰ্কত অসমৰ মুখ্য সচিবক এমাহৰ ভিতৰত উত্তৰ দিবলৈ ন্যায়াধীকৰণে ২৭ ডিচেম্বৰত নিৰ্দেশ দিছে৷
