খাকী এৰি গেৰুৱা বসন, বিহাৰত চলিছে আনন্দ মিশ্ৰৰ নিৰ্বাচনী প্ৰচাৰ

IPSৰ পৰা অব্যাহতি বিচাৰিলে চৰ্চিত IPS বিষয়া বৰ্তমান লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। এক স্বাধীন আৰু মুক্ত সামাজিক তথা ব্যক্তিগত জীৱনৰ স্বাৰ্থৰ মিশ্ৰই অব্যাহতি বিচাৰিছে। নববৰ্ষৰ ১৬ জানুৱাৰীৰ পৰা খাকী পোচাক এৰি গেৰুৱা বসন পিন্ধিব IPS বিষয়াজনে। মিশ্ৰই IPS ৰ পৰা অব্যাহতি বিচাৰি আৰক্ষী সঞ্চালক প্ৰধানৰ জৰিয়তে ৰাজ্যৰ মুখ্যসচিবলৈ প্ৰেৰণ কৰা আবেদন পত্ৰ ৰাজহুৱা হোৱাৰ পাছতে পোহৰলৈ আহিছে IPS বিষয়াজনে বিহাৰত চলাই থকা কৌশলী প্ৰচাৰৰ সবিশেষ। বিহাৰত কিছুদিন পূৰ্বৰে পৰা IPS বিষয়াগৰাকীয়ে বিভিন্ন সভা-সমিতিত অংশ লৈ সাধাৰণ জনতাৰ কাষ চপাৰ চেষ্টাৰ প্ৰমাণ মিশ্ৰৰ বিভিন্ন চ'ছিয়েল মিডিয়া একাউন্ট, পেজ আদিত উপলব্ধ। বিহাৰৰ বক্সাৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে IPS বিষয়াজনে দীঘলীয়া কনভয় লৈ বিভিন্ন সজাগতামূলক অনুষ্ঠান, সভা আদিত অংশ লোৱাৰ ফটো, ভিডিঅ' মিশ্ৰই চ'ছিয়েল মিডিয়া হেণ্ডেলত আপলোড কৰি ৰাখিছে। আনকি আনন্দ মিশ্ৰই নিজৰ ফটো সম্বলিত আকৰ্ষণীয় কেলেণ্ডাৰো বিলাইছে বক্সাৰৰ ভোটাৰৰ মাজত। লক্ষ্যণীয় কথাটো হ'ল বক্সাৰৰ বৰ্তমানৰ সাংসদ হ'ল বিহাৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে। তাৰ পাছতো ২০১১বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ IPS বিষয়াজনে বক্সাৰৰ পৰাই সমাগত বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰি খাকী পোচাক এৰিবলৈ ওলোৱাটো তাৎপৰ্যপূৰ্ণ। উল্লেখযোগ্য যে চ'ছিয়েল মিডিয়াত অতি জনপ্ৰিয় আৰু নিজকে SUPER COP ৰূপে তুলি ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা SP আনন্দ মিশ্ৰই বুধবাৰে সাক্ষাত কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতক। সাক্ষাতৰ অন্তত মিশ্ৰই সাংবাদিকৰ আগত মন্তব্য কৰে যে ভাগৱতৰে তেওঁৰ সাক্ষাত আছিল সৌহাদ্যসূচক। সাংবাদিকে তেওঁৰ পৰৱৰ্তী পৰিকল্পনা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মিশ্ৰই নিজৰ ৰাজনৈতিক জীৱনৰ পৰিকল্পনাক লৈ মন্তব্য কৰাৰ বিৰত থাকে যদিও বিহাৰত নীতিশ কুমাৰ চৰকাৰৰ কাম-কাজক লৈ ব্যক্ত কৰে অসন্তুষ্টি।