চৰকাৰী এছঅ’পি অনুসৰিহে মাঘত যুঁজিব ম’হ, বুলবুলিয়ে!

আগন্তুক মাঘ বিহুৰ সময়ত নিৰ্দিষ্ট নিয়মৰ মাজেৰেহে অনুষ্ঠিত কৰিব পৰা হ’ব পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ৷ ৰাজনৈতিক বিভাগে এই সম্পৰ্কত এছঅ’পি জাৰি কৰিছে৷ উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত পৰম্পৰাগত ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিবলৈ অনুমতি দিবলগীয়া হৈছে ৰাজ্য চৰকাৰে৷ এই যুঁজ নিষিদ্ধ কৰি চৰকাৰে ২০১৫ চনৰ ১৩ জানুৱাৰীত জাৰি কৰা নিৰ্দেশ আদালতে খাৰিজ কৰিছে৷ এছঅ’পি অনুসৰি এই যুঁজ অনুষ্ঠিত কৰাৰ বাবে আয়োজক কমিটিয়ে জিলা প্ৰশাসনৰ অনুমতি ল’ব লাগিব৷ পূৰ্বতে পৰম্পৰাগতভাৱে কমেও ২৫ বছৰ যুঁজ অনুষ্ঠিত হোৱা স্থানতহে পুনৰ যুঁজ অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হ’ব৷ মাঘ বিহুৰ দহ দিনৰ ভিতৰতে (১৫ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত) ম’হ যুঁজৰ আয়োজন কৰিব লাগিব, আন সময়ত অনুমতি নাপাব৷ দৰ্শকৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব আয়োজকে৷ বুলবুলি চৰাইৰ যুঁজৰ অন্তত আয়োজকেই চৰাইক নিৰাপদে মুকলি স্থানত এৰি দায়িত্ব ল’ব লাগিব৷ আয়োজকে এছঅ’পি মানি চলিব বুলি চুক্তি-পত্ৰ কৰিব লাগিব, উলংঘনৰ ক্ষেত্ৰত পৰৱৰ্তী পাঁচ বছৰৰ বাবে নাপাব অনুমতি৷