আলফাৰে কেন্দ্ৰ- ৰাজ্যৰ মীমাংসা চুক্তি স্বাক্ষৰিত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত শুকুৰবাৰে নতুন দিল্লীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ইউনাইটেড লিবাৰেচন ফ্ৰণ্ট অৱ আছাম (আলফা)ৰ আলোচনাপন্থী গোটৰ মাজত স্বাক্ষৰিত হয় এখন মীমাংসা চুক্তি। এই চুক্তি স্বাক্ষৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। চুক্তি স্বাক্ষৰৰ অন্তত অমিত শ্বাহে কয় যে আজিৰ দিনটো দীৰ্ঘদিন ধৰি হিংসাত্মক ঘটনাৰ সন্মুখীন হৈ অহা উত্তৰ-পূব আৰু অসমৰ বাবে শান্তি স্থাপনৰ দিশৰ পৰা এক সোণালী দিন। তেওঁ কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত দিল্লী আৰু উত্তৰ-পূবৰ মাজৰ ব্যৱধান দূৰ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল আৰু সকলোৰে সৈতে মুক্ত মনেৰে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। শ্ৰী শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশনাত গৃহ মন্ত্ৰালয়ে উগ্ৰবাদ, হিংসা আৰু সংঘাতৰ পৰা মুক্ত উত্তৰ-পূবৰ গঠনৰ দৃষ্টিভংগীৰে কাম কৰি গৈছে। তেওঁ কয় যে যোৱা ৫ বছৰত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ সৈতে ৯ খন শান্তি আৰু সীমান্ত সম্পৰ্কীয় চুক্তি স্বাক্ষৰিত হৈছে, এইবোৰে উত্তৰ-পূবৰ বৃহৎ অংশত শান্তি স্থাপন সম্ভৱ কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু কয় যে অভিলেখসংখ্যক ৯০০০ তকৈও অধিক বিদ্ৰোহী সংগঠনৰ কেডাৰে আত্মসমৰ্পণ কৰিছে আৰু অসমৰ ৮৫ শতাংশ অঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (এএফএছপিএ) উঠাই লোৱা হৈছে। তেওঁ কয় যে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আলফাৰ মাজত আজি স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিয়ে মোদী চৰকাৰে অসমৰ সকলো হিংসাৰ আশ্ৰয় লোৱা গোটক নিৰ্মূল কৰাত লাভ কৰা সফলতাকেই চিহ্নিত কৰিছে। তেওঁ কয় যে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শান্তিৰ বাবে আজিৰ চুক্তিখন অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে আজি স্বাক্ষৰিত চুক্তিৰ অধীনত আলফাই হিংসাৰ পথ পৰিহাৰ কৰিবলৈ, তেওঁলোকৰ সকলো অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সমৰ্পন কৰিবলৈ আৰু তেওঁলোকৰ সশস্ত্ৰ সংগঠন ভংগ কৰিবলৈ সন্মত হৈছে। ইয়াৰ উপৰি আলফাই ইয়াৰ সশস্ত্ৰ কেডাৰৰ দ্বাৰা অধিকৃত সকলো শিবিৰ খালী কৰিবলৈ, আইনৰ দ্বাৰা স্থাপিত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত জড়িত হ'বলৈ আৰু দেশৰ অখণ্ডতা বজাই ৰাখিবলৈও সন্মত হৈছে। শ্বাহে আৰু কয় যে আলফাৰ বিদ্ৰোহৰ ফলত দুয়ো পক্ষৰ প্ৰায় ১০ হাজাৰ লোক নিহত হৈছে, যিসকল এই দেশৰেই নাগৰিক আছিল, কিন্তু আজি এই সমস্যা সম্পূৰ্ণৰূপে সমাধান হোৱাৰ পথ প্ৰশস্ত হৈছে। তেওঁ কয় যে ভাৰত চৰকাৰে অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে এক বৃহৎ পেকেজ আৰু কেইবাটাও ডাঙৰ প্ৰকল্প ৰূপায়ণ কৰিবলৈ সন্মত হৈছে। তেওঁ কয় যে মোদী চৰকাৰে চুক্তিৰ সকলো দফা ৰূপায়ণ কৰিব। শ্ৰী শ্বাহে কয় যে ২০১৪ চনত মোডী চৰকাৰ গঠন হোৱাৰ পিছত অসমত হিংসাত্মক ঘটনা ৮৭%, মৃত্যু ৯০% আৰু অপহৰণৰ ঘটনা ৮৪% হ্ৰাস পাইছে। তেওঁ কয় যে এতিয়ালৈকে কেৱল অসমতে বিদ্ৰোহী সংগঠনৰ ৭৫০০ কেডাৰে আত্মসমৰ্পণ কৰিছে, যাৰ সৈতে আজি আৰু ৭৫০ জন যোগ হ'ব। এনেদৰে কেৱল অসমতে ৮২০০ তকৈও অধিক কেডাৰৰ আত্মসমৰ্পণ শান্তিৰ এক নতুন যুগৰ আৰম্ভণি। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে মোদী চৰকাৰে ২০১৯ চনত এনএলএফটি চুক্তি, ২০২০ চনত ব্ৰু আৰু বড়ো চুক্তি, ২০২১ চনত কাৰ্বি চুক্তি, ২০২২ চনত আদিবাসী চুক্তি, অসম-মেঘালয় সীমান্ত চুক্তি, অসম-অৰুণাচল সীমান্ত চুক্তি আৰু ২০২৩ চনত ইউএনএলএফৰ সৈতে চুক্তি সম্পাদন কৰাৰ লগতে আজি আলফাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে। তেওঁ কয় যে আজি এই চুক্তিৰ জৰিয়তে সমগ্ৰ উত্তৰ-পূব আৰু বিশেষকৈ অসমৰ বাবে শান্তিৰ এক নতুন যুগৰ আৰম্ভনি হ'ব। অমিত শ্বাহে কয় যে আলফাৰ দাবী পূৰণৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা এক সময় সীমা নিৰ্দিষ্ট কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব আৰু ইয়াৰ নিৰীক্ষণৰ বাবে এখন সমিতিও গঠন কৰা হ'ব।