বিলাতৰ বজাৰ দখল কৰিছে অসমৰ উৰহীয়ে

বছৰটো পুৰণি হ’বলৈ মাজতে আৰু কেইটামান ঘণ্টা! আৰু এটা নতুন বছৰক আদৰিবলৈ প্ৰস্তুতি চলি থকাৰ সময়তে আহিছে এটা উৎসাহজনক, ইতিবাচক খবৰ৷ খেতি আৰু খেতিয়কৰ ভৱিষ্যতকলৈ দুশ্চিন্তাৰ পৰিবেশৰ মাজতে বিশ্বৰ বজাৰলৈ অসমৰ খেতিয়কৰ উৎপাদিত সামগ্ৰীৰ যাত্ৰা আৰম্ভ হৈছে৷ তাৰে এক শেহতীয়া উদাহৰণ হৈছে অসমৰ উৰহীয়ে দখল কৰিছে বিলাতৰ লণ্ডনৰ বজাৰ৷ শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ নিতাইপুখুৰীৰ কৃষকে উৎপাদন কৰা উৰহী প্ৰথমবাৰ বাবে ৰপ্তানি হৈছে লণ্ডনলৈ৷ নিতাইপুখুৰীৰ দিহিঙপৰীয়া কৃষক উৎপাদনকাৰী ক্লাৱৰ ( এফপিচি) কৃষকসকলে এই উৰহীৰ খেতি কৰিছিল৷ তেওঁলোকৰ উৎপাদিত ৫০০ কিলোগ্ৰাম উৰহী দুদিন আগেয়ে লণ্ডনলৈ ৰপ্তানি কৰা হৈছে৷ একেদিনাই তিনিচুকীয়াত উৎপাদিত পাঁচ হাজাৰ কাজি নেমুও লণ্ডনলৈ ৰপ্তানি কৰা হৈছে৷