সভাৰ মুখ্য অতিথি হ’বলৈ ডিচিক লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি
জিলা আয়ুক্তসকলে(ডিচি) এতিয়াৰে পৰা ৰাজহুৱা সভাত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন ল’ব লাগিব৷ সাধাৰণ প্ৰশাসন বিভাগে আজি এই নিৰ্দেশ জাৰি কৰিছে৷ নিৰ্দেশটোত কোৱা হৈছে যে ডিচিসকলে চৰকাৰৰ প্ৰধান কামবোৰতহে মনোনিৱেশ কৰিব লাগে৷ মুখ্য অতিথি বা সন্মানীয় অতিথি হিচাপে ৰাজহুৱা অনুষ্ঠানৰ নিমন্ত্ৰণ ডিচিয়ে এৰাই চলিব লাগিব৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমোদন সাপেক্ষেহে ডিচিয়ে কোনো অনুষ্ঠানত মুখ্য অতিথি হ’ব পাৰিব৷ কাৰ্যালয়ত থাকি চৰকাৰী কাম আগবঢ়াই নিয়া, জিলাৰ বিভিন্ন স্থানৰ পৰা অহা দৰ্শনাৰ্থীক দেখা কৰাটো ডিচিয়ে নিশ্চিত কৰিব লাগিব৷ পৰিয়ালৰ নিকট সদস্য বা আত্মীয়ৰ বাহিৰে অন্য সামাজিক অনুষ্ঠানত দুপৰীয়াৰ বা নৈশ আহাৰ কৰিব নোৱাৰিব ডিচিয়ে৷ মধ্যভোগী, দালাল, বা অন্য সন্দেহজনক ব্যক্তিক কাৰ্যালয়ত প্ৰবেশৰ পৰা বাৰণ কৰিব লাগিব৷ নিৰ্দেশটোত স্পষ্টকৈ কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ বৈঠকৰ নিৰ্দেশবোৰ ডিচিৰ টপ প্ৰায়’ৰিটি হ’ব৷ অলপতে কামৰূপ মহানগৰ জিলাৰ ডিচিৰ বাবে চৰকাৰে ভালেমান ডুজ এণ্ড ডণ্ট্ছ ঠিক কৰি দিছিল৷ আজিৰ নিৰ্দেশটো সকলো ডিচিৰ বাবে প্ৰযোজ্য হ’ব৷
