ধাৰে লোৱা ঘূৰাই নিদিয়াত কেৰেলাত অসমৰে যুবকক হত্যা কৰিলে বন্ধুৱে

কেৰেলাৰ মালাপ্পুৰমত অসমৰ আহাদুল ইছলামৰ মৃত্যু পথ দূৰ্ঘটনাত হোৱা নাছিল, তেওঁক হত্যাহে কৰা হৈছিল৷ মালাপ্পুৰম আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে৷ বুধবাৰে নিশা মালাপ্পুৰমত অটো ভেনৰ দুৰ্ঘটনাত আহাদুল ইছলামৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল৷ প্ৰথম অৱস্থাত এটা সাধাৰণ পথ দুৰ্ঘটনা যেন লগা এই ঘটনা সম্পৰ্কত স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছিল যে গাড়ীখন ইচ্ছাকৃতভাৱে ভুক্তভোগীৰ মৃতদেহৰ ওপৰেৰে একাধিকবাৰ চলোৱা হৈছিল। এই গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ পিছতে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত অটো ভেন চলাই থকা অসমৰে গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে। বুধবাৰে নিশা প্ৰায় ১০.৩০ বজাত কণ্ডোটিৰ সমীপৱৰ্তী কিঝিছেৰীৰ সমীপত সংঘটিত হৈছিল এই ঘটনা। বাজাজ মেক্সিমো অট’ত মাছ বিক্ৰী কৰা গুলজাৰে ইছলামে ধাৰে লোৱা ধন ঘূৰাই দিবলৈ আহাদুলক কৈছিল আৰু সেই লৈয়ে দুয়োজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল৷ আৰক্ষীয়ে জনোৱা মতে, "দুয়োৰে মাজত টকা-পইচাকলৈয়ে বিবাদ হৈছিল। কাজিয়াৰ পিছত অভিযুক্তই তেওঁক বেৰত খুন্দিয়াই আঘাত কৰে আৰু ইয়াৰ ফলত ভুক্তভোগীৰ মৃত্যু হয়।"