আইপিএলত নতুন ইতিহাস ৰিয়ান পৰাগৰ

আইপিএলৰৰ অষ্টাদশ সংস্কৰণৰ মহাযুঁজ ইতিমধ্যে আৰম্ভ হৈছে৷ আই পি এল ২০২৫ ৰ দ্বিতীয়খন খেল দেওবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে । ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হ’বলগীয়া এই মেচত প্ৰতিভাৱান যুৱ বেটছমেন, অসম সন্তান ৰিয়ান পৰাগক অৰ্পণ কৰা হৈছে ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্ব ৷ মাত্ৰ ২৩ বছৰীয়া সোঁহতীয়া বেটছমেনজনে দেওবাৰে টছৰ বাবে খেলপথাৰলৈ নমাৰ লগে লগে আই পি এলৰ ইতিহাসত অৰ্জন কৰিছে এক নতুন অভিলেখ । আই পি এলৰ ইতিহাসৰ চতুৰ্থ কনিষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হৈছে অসম সন্তান ৰিয়ান পৰাগ৷এইক্ষেত্ৰত ৰিয়ানে অতিক্ৰম কৰিছে শ্ৰেয়ছ আয়াৰক ৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁ সুস্থ হৈ উঠা নাই । এইবাবেই দলটোৱে আইপিএলৰ চলিত চিজনত খেলিবলগীয়া প্ৰথম তিনিখন মেচৰ বাবে অধিনায়কৰ দায়িত্ব লাভ কৰিছে ৰিয়ান পৰাগে ৷ উল্লেখ্য যে বৰ্তমান ৰিয়ানৰ বয়স হৈছে ২৩ বছৰ ১৩৩ দিন আৰু তেওঁ আই পি এলৰ চতুৰ্থগৰাকী কনিষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হৈছে । এই কৃতিত্ব অৰ্জন কৰিবলৈ পঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়ছ আয়াৰক অতিক্ৰম কৰিছে ৰিয়ানে ৷ শ্ৰেয়ছে ২৩ বছৰ ১৪২ দিন বয়সত অধিনায়ক হৈছিল । ইয়াৰ আগতে আই পি এলৰ ইতিহাসত সৰ্বকনিষ্ঠ অধিনায়ক হোৱাৰ অভিলেখ গঢ়িছিল বিৰাট কোহলীয়ে । বিৰাটে ২২ বছৰ ১৮৭ দিনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল ।