সাতশাকীৰ এশ এবিধ শাকৰ নাম জানেনে?

সাতশাকীৰ বিষয়ে জানেনে? ব’হাগ বিহুৰ সৈতে সাতশাকীৰ সম্পৰ্ক কি? সাতশাকী হৈছে ব'হাগ বিহুৰ সময়ত এশ এবিধ শাক খোৱাৰ এক পৰম্পৰা। ঠাইভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে। বছৰৰ এইখিনি সময়ত গছ-লতিকাত নতুন পাতৰ সমাহাৰ হয় আৰু শাক গোটাই খোৱাটো সহজসাধ্য হয়। এই প্রথাটো প্রকৃততে প্রতীকী অর্থতহে পালন কৰা হয় বুলি কোৱৰ হয়। স্থানীয় পৰম্পৰা অনুযায়ী গৰুবিহুৰ দিনা শাকনি বাৰী বা পথাৰৰ পৰা শাকবোৰ চিঙি অনা হয়। ইয়াক 'সাতশাকী তোলা' বুলি কোৱা হয়। প্ৰায়ভাগ অঞ্চলতে গৰুবিহুৰ দিনা গধূলি শাকবোৰ একেলগে ভাজি খোৱা হয় যদিও কিছুমান ঠাইত চেৰাবিহুৰ দিনাহে সাতশাকী খোৱা হয়। সাতবিহুৰ যিকোনো এদিন সাতশাকী খাব পৰা যায় বুলি কোৱা হয়৷ লোকবিশ্বাস অনুসৰি বিহুৰ সময়ত সাতশাকী খালে বছৰটোলৈ বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি। সাধাৰণতে স্থানীয়ভাৱে পোৱা সকলো শাকেই সাতশাকীত ব্যৱহাৰ কৰা হয়৷ ইয়াৰ ভিতৰত আছে ১) খুতুৰা শাক,২) মাল-ভোগ শাক, ৩) হাতী-খুতুৰা, ৪) সৰু মানিমুনি, ৫) বৰ মানিমুন, ৬) মাটিকাদুৰী ৭) ঢেঁকীয়া ৮) পনৌনৌৱা, ৯) ৰঙা পুনর্ণৱা / বগা পুনর্ণৱা, ১০) লাই জাবৰি ১১) বৃন্দাবনী শাক, ১২) টেঙেচি-শাক, ১৩) দেৰোণ, ১৪) টেঙামৰা, ১৫) কেঁহৰাজ, ১৬) মেচাকি পাত, ১৭) পচতীয়া, ১৮) মছন্দৰী, ১৯) চেংমৰা, ২০) লৰবৰুৱা, ২১) পদিনা, ২২) ধনিয়া, ২৩) মান-ধনিয়া, ২৪) মধু-সোলেং, ২৫) টিকনিবৰুৱা, ২৬) ভূঁই আমলখি/বন আমলখি, ২৭) পিপলি, ২৮) পালেং, ২৯) পিৰালি পালেং, ৩০) মিথী শাক, ৩১) চিৰতা বা কালমেঘ, ৩২) নৰসিংহ পাত, ৩৩) ব্রাহ্মী, ৩৪) দুপৰটেঙা/পাতেগজা, ৩৫) কাচিদৰীয়া, ৩৬) ভেদাই লতা, ৩৭) কণা শিমলু, ৩৮) শোহনি বন, ৩৯) লিহিৰী পতীয়া, ৪০) নেফাফু পাত, ৪১) টোলোঠাপকা, ৪২) পকমৌ, ৪৩) চাল-কুঁৱৰী, ৪৪) তুলসী পাত, ৪৫) তেজপাত, ৪৬) বন জালুক, ৪৭) কপৌ ঢেঁকীয়া, ৪৮) লাচকচি, ৪৯) অকলবিৰ, ৫০) চজিনা পাত, ৫১) বৰ থেকেৰা, ৫২) আগৰা, ৫৩) জালুক বা জালুকৰ পাত, ৫৪) বেঁত গাজ, ৫৫) শুকলতি, ৫৬) বাঘ-আঁচোৰ, ৫৭) ভাং পাত, ৫৮) মহানিম, ৫৯) জাতিলাও আগ, ৬০) মেটেকাৰ কুমলীয়া পাত, ৬১) আদা বা আদাৰ গজালি পাত, ৬২) শগুণী লতা, ৬৩) লাজুকী লতা/নিলাজী বন, ৬৪) ওভটা শঠ, ৬৫) গৰু খিচ, ৬৬) গাখীৰতী-বন, ৬৭) টুবুকী লতা, ৬৮) শতমূলৰ কুমলীয়া কোঁহ, ৬৯) কেঞাবন, ৭০) বিহলঙনী, ৭১) সোণ বৰিয়াল, ৭২) মাটি কঁঠালৰ কুমলীয়া কোঁহ, ৭৩) সৰিয়হ শাক, ৭৪) বৰালিবকুৱা, ৭৫) বিয়নি-সাবটা, ৭৬) গেন্ধালি বন বা গোন্ধোৱা বন, ৭৭) জিলমিল শাক/ভতুৱা শাক, ৭৮) পিয়াঁজ পাত, ৭৯) দুবৰি বন, ৮০) কর্দৈ টেঙাৰ কুমলীয়া পাত, ৮১) কলমৌ, ৮২) নল-টেঙা, ৮৩) বগা বাহক, ৮৪) তিতাফুল/ৰঙাবাহক, ৮৫) বগী টেঙা, ৮৬) ভেঁকুৰিতিতা, ৮৭) মৰলীয়া শাক, ৮৮) বাঁহ গাজ, ৮৯) ৰঙালাও আগ, ১০) ভাতকেৰেলাৰ আগ, ১১) ক'লীয়া কচুৰ ঠোৰ, ১২) শ্যামা কচুৰ ঠোৰ, ৯৩) নল-কচুৰ ঠোৰ, ৯৪) ভোগ কচুৰ ঠোৰ, ১৫) দহি-কচুৰ ঠোৰ, ৯৬) ওল কচুৰ ঠোৰ, ৯৭) মান-কচুৰ ঠোৰ, ৯৮) জহাপাত, ৯৯) শেৱালিৰ কুমলীয়া আগ, ১০০) ভীমকলৰ পচলা, ১০১) পুৰৈ শাক, ১০২) চুকা শাক, ১০৩) হেলচি শাক/হেলেঞ্চি, ১০৪) মৰিচা শাক, ১০৫) মেজেঙা, ১০৬) জেটুলিপকা, ১০৭) বচ্, ১০৮) তিতা-মৰা, ১০৯) মিঠা-মৰা, ১১০) মিঠা আলুৰ আগ, ১১১) ভোমলতী, ১১২) কুকুৰা ঠেঙীয়া, ইত্যাদি৷