শ্বিলং-শিলচৰ গ্রীনফিল্ড হাইস্পীড কৰিড'ৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন
উত্তৰ-পূৰ্বাঞ্চলৰ পথ যোগাযোগ ব্যৱস্থাক নতুন ৰূপ দিয়াৰ লক্ষ্যৰে এটা বৃহৎ প্রকল্পত অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমা সম্পর্কীয় কেবিনেট কমিটীৰ বৈঠকত মেঘালয়ৰ মাওলিনখুং (শ্বিলঙৰ ওচৰৰ) ৰপৰা অসমৰ পঞ্চগ্রাম (শিলচৰৰ ওচৰলৈ ফ'ৰলেনযুক্ত গ্রীনফিল্ড এক্সেছ নিয়ন্ত্রিত হাই স্পীড কৰিড'ৰ নির্মাণৰ ক্ষেত্ৰত মঞ্জুৰি প্ৰদান কৰা হয়। এই প্ৰকল্পৰ মুঠ ব্যয় ২২,৮৬৪ কোটি টকা ধাৰ্য কৰা হৈছে আৰু ইয়াক হাইব্রীড এনুইটি ম’ড চমুকৈ এইচ এ এমৰে সামৰি লোৱা হ'ব। এই কৰিড'ৰৰ মুঠ দৈর্ঘ্য হ'ব ১৬৬.৮০ কিলোমিটাৰ। ইয়াৰ ১৪৪.৮০ কিলোমিটাৰ অংশ মেঘালয়ৰ আৰু ২২ কিলোমিটাৰ দৈৰ্ঘ্য অসমৰ হ'ব। এয়া ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ হ'ব আৰু শ্বিলঙৰ সমীপৰ মাওলিনখুঙৰপৰা আৰম্ভ হৈ শিলচৰৰ সমীপৰ পঞ্চগ্রামত শেষ হ'ব। এই দ্রুতগতিৰ কৰিড'ৰৰ ফলত গুৱাহাটীৰপৰা শিলচৰলৈ যোৱা যাত্ৰীসকলে যাতায়াতৰ ক্ষেত্রত উন্নত সুবিধা লাভ কৰাৰ লগতে যাত্ৰাৰ ক্ষেত্রতো সময়ো ৰাহি হ'ব। গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্রকল্পটোৱে মেঘালয়ৰ ৰিভই, পূব খাছি পাহাৰ, পশ্চিম জয়ন্তীয়া পাহাৰ, পূব জয়ন্তীয়া পাহাৰ আৰু অসমৰ কাছাৰ জিলাৰ মাজেৰে যোৱা গুৱাহাটী-শ্বিলং আৰু শিলচৰৰ মাজত আন্তঃনগৰ সংযোগ ব্যবস্থাও উন্নত কৰিব বুলি আশা কৰা হৈছে৷