১৪ জিলাত কাইলৈ ৰাজহুৱা বন্ধ
পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ অহা ২ মে’ত অনুষ্ঠিত হ’ব৷ নিৰ্বাচন ৰাজ্যিক আয়োগে নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ সেমেকা বতৰৰ মাজতে ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে পোলিং বিষয়া সকল৷ উল্লেখ্য যে অহা ২ মে'ত প্রথম পর্যায়ত উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ'ব। সেই মর্মে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী,যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি জিলাত কাইলৈৰ দিনটো ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই জিলাকেইখনৰ পঞ্চায়ত এলেকাৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, উদ্যোগ, ব্যৱসায় প্ৰতিষ্ঠান আদি কাইলৈ বন্ধ থাকিব৷ এই অঞ্চলবোৰত আজি আৰু কাইলৈ ড্ৰাই ডে’ও ঘোষণা কৰা হৈছে৷২ মে'ৰ পুৱা ৭-৩০ বজাৰপৰা বিয়লি ৪-৩০ বজালৈ এই জিলাকেইখনত ভোটগ্রহণ অনুষ্ঠিত হ'ব।