ধুমুহা-বৰষুণৰ মাজতে হত্যা কৰা হৈছিল মৃন্ময়ক

পোহৰলৈ আহিছে গুৱাহাটীৰ কণমানি মৃন্ময়ৰ নৃশংস হত্যাকাণ্ডৰ এটাৰ পিছত আন এটা বুকু কঁপি উঠা তথ্য। পৰকীয়া প্ৰেমৰ বাবে মাতৃ দীপালী ৰাজবংশী আৰু প্ৰেমিক জিতুমণি ৰাজবংশীয়ে হত্যা কৰি বশিষ্ঠৰ নিৰ্জন স্থানত এটা ট্ৰলী বেগত ভৰাই পেলাই দিছিল মৃন্ময়ৰ মৃতদেহ। হত্যা কৰাৰ পূৰ্বে দীপালী আৰু জিতুমণি ৰাজবংশীয়ে ক’ল্ডড্ৰিংছ, চকলেট খুৱাইছিল মৃন্ময়ক। তাৰ পিছতে ধুমুহা-বৰষুণৰ মাজতে মুখত সোপা দি হত্যা কৰিছিল বেলতলাৰ নৱোদয় জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি থকা মৃন্ময়ক। প্ৰেমিকৰ সৈতে ১০ বছৰীয়া সন্তানক হত্যা কৰি মাতৃয়ে ট্ৰলী বেগত ভৰাই দলিয়াই দিছিল বশিষ্ঠ নৈত। উল্লেখ্য যে হত্যাৰ আগেয়ে শনিবাৰে সন্ধিয়া ৬:৪০ বজাত টিউচনৰ পৰা আনিছিল মৃত মৃন্ময়ক। জিতু মণি হালৈয়ে বাইকত বহুৱাই টিউচনৰ পৰা আনিছিল শিশুটিক আৰু লগত আছিল মাতৃ দীপালী ৰাজবংশী। ভেটাপাৰা ভাড়া ঘৰৰ কোঠাৰ পৰা ট্ৰলী বেগটো নিছিল জিতু মণিয়ে। মৃন্ময়ৰ মৃতদেহ ভৰ্তি ট্ৰলী বেগটোৰ কাষতে উদ্ধাৰ হৈছিল মৃন্ময়ৰ স্কুল বেগ। স্বামী বিকাশ বৰ্মনৰে বিবাহ বিচ্ছেদ হৈছিল মাতৃ দীপালি ৰাজবংশীৰ। আৰু নলবাৰীৰ জিতু মণি হালৈৰে দীপালী পাতনি মেলিব বিচাৰিছিল নতুন সংসাৰৰ। কিন্তু জিতুমণিৰ পৰিয়ালে দীপালীৰ পুত্ৰক গ্ৰহণ কৰিব বিচৰা নাছিল। আৰু হয়টো ইয়াৰ বাবে দীপালী আৰু জিতু মণিয়ে মিলি হত্যা কৰিছিল মৃন্ময়ক। পুত্ৰৰ নিখোজৰ খবৰ দিছপুৰ থানাত জনাইছিল পিতৃ বিকাশ বৰ্মনে। ঘাতক মাতৃ দীপালি ৰাজবংশীয়েও পুত্ৰ নিৰুদ্দিষ্টৰ কাহিনী কৈছিল দিছপুৰ আৰক্ষীক। কেৱল এয়াই নহয়, পুত্ৰ নিখোজ হোৱা বুলি সামাজিক মাধ্যমতো প’ষ্ট দিছিল ঘাতক দীপালীয়ে।আজি দুপৰীয়া আৰক্ষীয়ে আদালতত হাজিৰ কৰাব মৃন্ময়ক হত্যাৰ অভিযুক্তক দীপালী আৰু জিতু মণিক। সম্প্ৰতি দিছপুৰ আৰক্ষী থানাৰ লকআপত আছে দীপালী আৰু জিতু মণি। হত্যাকাৰী জিতুমণি হালৈৰ ভয়ংকৰ স্বীকাৰোক্তি অনুসৰি ‘‘বৰষুণ আৰু ধুমুহা মাৰি থাকোঁতে এই ৰাস্তাটোত কোনো নাছিল। সম্পূৰ্ণ ৰাস্তাটো এন্ধাৰ হৈ আছিল। তেতিয়া তাৰ মুখত সোপা মাৰি ধৰি মাৰি পেলালো আৰু মোৰ এই ভিআইপি বেগটোত ভৰাই ইয়াত পেলাই দিলোঁ। লগত ইয়াৰ মাকও আছিল।’’ এই শিহৰণকাৰী ঘটনাই মন-মগজু জোকাৰি গৈছে প্ৰতিগৰাকীৰ লোকৰ। এগৰাকী নাৰীৰ অবৈধ প্ৰেমৰ বাবে অকালতে শেষ হৈ গ’ল এটি সম্ভাৱনাপূৰ্ণ জীৱন। মমতাহীন মাতৃৰ চকুৰ সন্মুখতে পৰকীয়া প্ৰেমিকে হত্যা কৰিলে ১০ বছৰীয়া পুত্ৰক। আৰু পুত্ৰ হত্যাত হাত উজান দিলে দয়াহীন মাতৃ দীপালীয়ে।