আৰু ২০ লাখ হিতাধিকাৰী

নিম্ন বেতনভোগী চৰকাৰী কৰ্মচাৰীসকলক বিনামূলীয়া চাউল বিতৰণ কৰিব ৰাজ্য চৰকাৰে৷ দেওবাৰে নিশা অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে৷ মাষ্টাৰ ৰোল কৰ্মচাৰী, বছৰি চাৰি লাখ টকাতকৈ কম উপাৰ্জন কৰা ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো অৱসৰপ্ৰাপ্ত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বিনামূলীয়া চাউলৰ হিতাধিকাৰী হ’ব৷ এনেদৰে কমেও ২০ লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ’ব৷ অসম কেবিনেটে আৰু সিদ্ধান্ত লৈছে যে অহা ২২ জানুৱাৰী, অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ দিনটো অসমত ড্ৰাই ডে’ হ’ব৷ অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ— এই ৰাজ্যিক অসামৰিক বঁটাসমূহ কেতিয়া ঘোষণা কৰা হ’ব, তাৰ দিনো নিৰ্দ্ধাৰণ কৰিছে কেবিনেটে৷ মাঘ বিহুৰ দিনা ঘোষণা কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে৷ আন এক সিদ্ধান্ত অনুসৰি, ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদ, মিচিং স্বায়ত্ত্বশাসিত পৰিষদ আৰু তিৱা স্বায়ত্ত্বশাসিত পৰিষদক সাংবিধানিক ক্ষমতা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব৷