আলফাৰ শিবিৰত ড্ৰ’ন আক্ৰমণ,আহত দুজন কেডাৰ
ম্যানমাৰৰ ঘন জংঘলত পৰেশ বৰুৱা নেতৃত্বাধীন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছাম, চমুকৈ আলফা ( স্বাধীন)ৰ শিবিৰক লক্ষ্য কৰি ড্ৰ’ন আক্ৰমণ সংঘটিত কৰা হৈছে৷ এই দাবী কৰিছে আলফাই৷ ৮ জানুৱাৰীত আলফাৰ চলমান শিবিৰক লক্ষ্য কৰি এই ড্ৰ’ন আক্ৰমণ সংঘটিত কৰা বুলি সংগঠনটোৱে এক প্ৰেছ বিবৃতিত দাবী কৰিছে। তথ্য অনুসৰি, আক্ৰমণ সংঘটিত ম্যানমাৰস্থিত শিবিৰটো ভাৰতৰ সীমা অতিক্ৰম কৰি অভিযান চলাবৰ বাবে ঘাটি হিচাপে ব্যৱহাৰ কৰা, নতুন নিযুক্তিপ্ৰাপ্তসকলৰ বাবে আশ্ৰয় আৰু প্ৰশিক্ষণ দিয়া শিবিৰবোৰ অন্যতম। ভাৰতীয় সেনাই এই আক্ৰমণ সংঘটিত কৰা বুলি আলফা স্বাধীনে দাবী কৰিছে৷ তিনিটা ড্ৰ’ন আক্ৰমণ হোৱা বুলি কোৱা হৈছে৷ প্ৰথমটো আক্ৰমণ পুৱা ৪.১০ বজাত, দ্বিতীয়টো পুৱা ৪.১২ বজাত আৰু তৃতীয়টো পুৱা ৪.২০ বজাত সংঘটিত হয়। প্ৰথম দুটা বিস্ফোৰণ যদিও তৃতীয়টো বিস্ফোৰণ ব্যৰ্থ হয়। ঘটনাত দুজন আলফা সদস্য সামান্য আহত হোৱা বুলি কোৱা হৈছে৷
