গুৱাহাটীত কংগ্ৰেছ সেৱা দলৰ অভিবৰ্তনত নিৰ্বাচনী ৰণকৌশল

লোকসভা নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছে সোমবাৰে গুৱাহাটীত আয়োজন কৰে কংগ্ৰেছ সেৱা দলৰ ৰাজ্যিক অভিবৰ্তন। ITA, মাছখোৱাত অনুষ্ঠিত এই অভিবৰ্তনত উপস্থিত থাকে APCC সভাপতি ভূপেন বৰা, AICC ৰ মুখপাত্ৰ মহিমা সিং, সাংসদ গৌৰৱ গগৈ, আব্দুল খালেক, বিধায়ক ৰেকিবুদ্দিন আহমেদ, সেৱাদলৰ ৰাষ্ট্ৰীয় সভাপতি লালজী দেশাইৰ লগতে কেইবা শতাধিক দলীয় নেতা-কৰ্মী। অনুষ্ঠানটোত কংগ্ৰেছে সমাগত লোকসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বানৰ ৰণকৌশল, সম্পৰ্কে আলোচনা চলায়।