দিছপুৰ এৰি প্ৰতিৰক্ষা মন্ত্ৰণালয় পালেগৈ সমীৰ সিনহাই

আচম্বিতে দিছপুৰ এৰিবলৈ ওলাইছে জ্যেষ্ঠ আইএএছ বিষয়া, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ দায়িত্ববাহী অতিৰিক্ত মুখ্যসচিব সমীৰ কুমাৰ সিনহা৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ ৰাজ্য প্ৰশাসনৰ প্ৰতাপী বিষয়াজনে কেন্দ্ৰীয় ডেপুটেশ্যনত যাব বিচাৰিছে আৰু অসম চৰকাৰে ইতিমধ্যে ইয়াত অনুমতি দিছে৷ সিনহাই নতুন দিল্লীত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অতিৰিক্ত সচিব তথা ডাইৰেক্টৰ জেনেৰেল ( একুইজিশ্যন) হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷ ড° শৰ্মাৰ আন এজন ঘনিষ্ঠ আইএএছ ড° ৰবি কোটা অলপতে কেন্দ্ৰীয় ডেপুটেশ্যনৰ পৰা উভটি আহিছে আৰু তেওঁকেই সিনহাৰ স্থানত নিযুক্তি দিয়া হ’ব পাৰে৷