ঠাণ্ডা আহিল ! আহিল বিষময় কুঁৱলী, বতৰৰ বেয়া বতৰা
জাৰ পৰিবনে ? হাড় কঁপোৱা জাৰ নালাগে কিন্তু মেজিৰ জুইত সেকিব পৰাকৈ হাত দুখন ঠাণ্ডা নপৰিলে মেজিৰ প্ৰয়োজনেই বা থাকিব ক'ত? কুঁৱলীৰ মায়াজাল ফালি ওলোৱা বেলিটোৰ প্ৰতি কৃতজ্ঞতাবোধেই দেখোন নোহোৱা হ'ব! ক্ৰমশঃ দীঘলীয়া হৈ অহা গ্ৰীষ্মৰ সেই বেলি বিৰাগৰ পাছত শীতৰ বেলিটোৰে মিঠা আলাপেৰে সম্পৰ্কৰ নবীকৰণৰে সুযোগ হেৰাই যাব দেখোন! পুহমহীয়া জাৰত কঁপি নিহালি লোৱাৰ কথা থকা বাৰমাহৰ গীতৰ শুধৰণিৰে প্ৰয়োজন হব নেকি? ত্ৰিশ লক্ষ গুৱাহাটীবাসীৰ বাবে সেয়াই সঁছা হওঁ হওঁ হৈছিল, ঠাণ্ডা নহাকৈয়ে শীত সমাপ্তিৰ উপক্ৰম হৈছিল। কিন্তু মূৰকত প্ৰকৃতিয়ে গুৱাহাটী তথা কাষৰীয়া অঞ্চলৰ বাসিন্দাক বিমুখ নকৰিলে! উদাৰচিত্তে নহ'ব পাৰে কিন্তু মহানগৰীৰ দূষিত বতাহকে কুঁৱলীৰ দৰে আভৰণ পিন্ধাই পাৰাস্তম্ভ তললৈ ঠেলিলে! অৱশেষত মাঘৰ মেজিৰ তিনিদিন পূৰ্বে ঠাণ্ডা লাগিল মহানগৰীৰ! বতৰৰ আগলিবতৰা অনুসৰি শুকুৰবাৰৰ বাদে অহা বুধবাৰ পৰ্যন্ত গুৱাহাটীত চলিব মেঘ আৰু কুঁৱলীৰ আঁৰে-আঁৰে বেলিৰ লুকাভাকু। শুকুৰবাৰে গুৱাহাটীত বতৰ ফৰকাল থকাৰ বিপৰীতে পহিলা মাঘ, মঙলবাৰে পাতলীয়া বৰষুণো হ'ব পাৰে। মাঘৰ বিহুৰ আগে পিছে সমগ্ৰ অসমতে বতৰ শুকান (আৰ্দ্ৰ) হৈ থাকিব। আজি আৰু কালিলৈ সমগ্ৰ ৰাজ্যতে ঠায়ে ঠায়ে পাতল আৰু ঠাই বিশেষে থাকিব ঘন কুঁৱলীৰ আচ্ছাদন। কিন্তু শনিবাৰৰ পৰা কুঁৱলী হ্ৰাস পাব। তাপমাত্ৰাৰ ক্ষেত্ৰত ৰাজ্যৰ অধিকাংশ ঠাইতে সৰ্বোচ্চ ২৭°ছেলছিয়াছ আৰু সৰ্বনিম্ন ৮°ছেলছিয়াছৰ ভিতৰত থাকিব দিনটোৰ বিভিন্ন সময়ৰ তাপমান। বতৰৰ বাতৰি হিচাপে উদ্বিগ্নতাসঞ্চাৰী তথ্যটো হ'ল গুৱাহাটী মহানগৰীৰ বায়ুৰ গুণমান। বিগত কেইদিনমান ধৰি আৰু পৰৱৰ্তী প্ৰায় এটা পষেকলৈ গুৱাহাটীৰ বায়ু হৈ আছে শোচনীয় (POOR) বা অস্বাস্থ্যকৰ (Unhealthy)। গুৱাহাটীৰ বিভিন্ন ঠাইৰ বুধবাৰৰ AQI (Air Quality Index) হ'ল ২০০ ৰ আশেপাশে। যাৰ অৰ্থ গুৱাহাটীৰ বায়ু এই মুহূৰ্তত সেৱন অযোগ্য প্ৰদূষণ সৃষ্টিকাৰী অপদ্ৰব্যৰে ভৰি আছে। গুৱাহাটীৰ বায়ুৰ এই দশাত ঘৰৰ বাহিৰত মাস্ক পৰিধান আৰু পাৰিলে দুৱাৰ-খিড়িকী বন্ধ কৰি ঘৰতে থকাৰ বিধান দিছে বতৰ সম্পৰ্কীয় ৱেবছাইটসমূহে। অৰ্থাৎ শীতৰ কথা সুকীয়া কিন্তু গুৱাহাটীৰ কুঁৱলী আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
