অনিশ্চয়তা!মণিপুৰত অনুমতি নাই ভাৰত জোড়ো যাত্ৰাৰ

কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আৰম্ভণিক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ অহা ১৪ জানুৱাৰীত মণিপুৰৰ ইম্ফল নগৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰা পৰিকল্পনা কৰা হৈছিল৷কিন্তু মণিপুৰ চৰকাৰে ইম্ফলৰ পেলেচ গ্ৰাউণ্ডৰ পৰা পৰিকল্পনা অনুসৰি এই যাত্ৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ দোহাই দি এই যাত্ৰাৰ অনুমতি দিব নোৱাৰে বুলি কৈছে৷ ইপিনে, এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কৈছে যে যাত্ৰা মণিপুৰৰ পৰাই আৰম্ভ হ’ব৷ পেলেচ গ্ৰাউণ্ডৰ পৰিৱৰ্তে অন্য স্থানৰ পৰা যাত্ৰা আৰম্ভ কৰা হ’ব৷