APSC JOB SCAM: উচ্চ ন্যায়ালয়ত শপতনামা চৰকাৰৰ

অসাধু পন্থাৰে ২০১৩ আৰু ২০১৪ বৰ্ষত APSC উত্তীৰ্ণ হৈ দীৰ্ঘকালে চৰকাৰী পদবী অধিকাৰ কৰি থকা ACS, APS আৰু অন্যান্য সেৱাৰ একাংশ বিষয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিলে চৰকাৰে। এই শপতনামাযোগে চৰকাৰে ন্যায়ালয়ক জনায় যে কেলেংকাৰী সন্দৰ্ভত এতিয়ালৈ গ্ৰেপ্তাৰ হৈছে ৫ জন বিষয়া ,নিলম্বন কৰা হৈছে ২৫ জনকৈ বিষয়াক। মুঠ ৪২ গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলাই থকা বুলিও ন্যায়ালয়ক অৱগত কৰোৱা হৈছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্হাসমূহ।