প্ৰাক্তন সেনা, আৰক্ষী বিষয়াক এপিএছচিৰ সদস্য নিযুক্তি

অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে দুজন অৱসৰপ্ৰাপ্ত বিষয়াক নিযুক্তি দিছে ৰাজ্য চৰকাৰে৷ তেওঁলোকৰ এজন সেনা বিষয়া আৰু আনজন আৰক্ষী বিষয়া৷ প্ৰাক্তন মেজৰ জেনেৰেল ভাস্কৰ কলিতা আৰু আইপিএছৰ প্ৰাক্তন বিষয়া দেৱৰাজ উপাধ্যায়ক কৰ্মচাৰী বিভাগে আয়োগৰ সদস্য হিচাপে নিযুক্তি দিছে৷ এওঁলোকৰ নিযুক্তিৰ পাছত আয়োগৰ সদস্য সংখ্যা ছয় জনলৈ বৃদ্ধি পাব৷