১২ ফেব্ৰুৱাৰীত ৰাজ্যিক বাজেট

অসম বিধান সভাৰ বাজেট অধিবেশন অহা ৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব৷ বছৰৰ প্ৰথমখন অধিবেশন হোৱা বাবে ৰাজ্যপালে সংবিধানৰ ১৭৬(১) নং অনুচ্ছেদ অনুসৰি প্ৰথমদিনাই সদনত ভাষণ দিব৷ ইপিনে, আগন্তুক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিত্ত মন্ত্ৰীয়ে ১২ ফেব্ৰুৱাৰীত বাজেট প্ৰাককলন দাখিল কৰিব৷ অধিবেশনৰ ২৮ ফেব্ৰুৱাৰীত সামৰণি পৰিব৷