আকৌ সজীৱ হৈছে গুৱাহাটীত মে’ট্ৰৰ সপোন, ৰাইটছক পুনৰ অধ্যয়নৰ দায়িত্ব
গুৱাহাটী মহানগৰীত সঁচাকৈয়ে চলিব নেকি মে’ট্ৰ ৰে’ল? বৰ্তমানৰ চৰকাৰে গুৱাহাটীত মে’ট্ৰ ৰে’লৰ সম্ভাৱনীয়তা একপ্ৰকাৰ নুই কৰিছিল যদিও বিষয়টো একেবাৰে সামৰি থোৱা নাছিল৷ শেহতীয়াকৈ অসম চৰকাৰৰ ইউনিফাইড মেট্ৰ’পলিটান ট্ৰান্সপোৰ্ট্ অথ’ৰিটিয়ে ( ইউ এম টি এ) প্ৰস্তাৱিত গুৱাহাটী মেট্ৰ' প্ৰজেক্টৰ মাছ ৰেপিড ট্ৰানজিট ছিষ্টেমৰ ( এম আৰ টি এছ) সম্ভাৱনীয়তা পুনৰ পৰীক্ষা কৰোৱাবলৈ সিদ্ধান্ত লৈছে৷ অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে এই কথা নিশ্চিত কৰিছে৷ ৰেইল ইণ্ডিয়া টেকনিকেল এণ্ড ইক’নমিক চাৰ্ভিছ, চমুকৈ ৰাইটছক গুৱাহাটী মে’ট্ৰৰ নতুনকৈ ফিজিবিলিটি ষ্টাডী কৰিবলৈ দায়িত্ব দিয়া হৈছে৷ উল্লেখ্য যে ৰাইটছে ২০১৫ চনতে সৰ্বমুঠ ২০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এম আৰ টি এছ ক’ৰিডৰ নিৰ্মাণৰ ফিজিবিলিটি অধ্যয়ন কৰাৰ লগতে প্ৰথম পৰ্যায়ত ৬২.৯৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদনো ( ডিপিআৰ) প্ৰস্তুত কৰিছিল৷ মন্ত্ৰীজনৰ মতে পূৰ্বৰ ৰিপ’ৰ্ট মতে গুৱাহাটীত মে’ট্ৰ সম্ভৱ নহয়৷ গুৱাহাটীত বৰ্তমান জনসংখ্যাও বাঢ়িছে, লগতে উন্নয়নো হৈছে৷ সেইবাবেই, নতুনকৈ অধ্যয়ন কৰাৰ ব্যৱস্থা কৰা হ’ব৷ প্ৰাৰম্ভিক প্ৰস্তাৱ অনুসৰি, ধাৰপুৰ আৰু নাৰেংগী সংযোগী ২২.৬ কিলোমিটাৰ; এম জি ৰোড- খানাপাৰা সংযোগী ১০ কিলোমিটাৰ; জালুকবাৰী-খানাপাৰা সংযোগী ১৯.৪ কিলোমিটাৰ আৰু আই এছ বি টি-পল্টন বজাৰ সংযোগী ৯.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিটা লাইন নিৰ্মাণৰ ডিপিআৰ প্ৰস্তুত কৰা হৈছিল৷ তথ্য অনুসৰি বৰ্তমানৰ চৰকাৰে গুৱাহাটী এয়াৰপ’ৰ্ট আৰু চাংসাৰিৰ এইমছৰ লগতে জাগীৰোড, নলবাৰী আৰু ছয়গাঁৱলৈয়ো মে’ট্ৰ ৰে’ল সম্প্ৰসাৰিত কৰাৰ পোষকতা কৰিছে৷
