ভোগালীত উদৰ পূৰাই খাবলৈ কিদৰে সাজু হ'ব?

পদূলিত অসমীয়াৰ হেঁপাহৰ ভোগালী। দুদিনমান উদৰ পূৰাই খাবলৈ সাজু হৈছে অসমবাসী। আপুনিও নিশ্চয় ব্যতিক্ৰম নহয়। উৰুকাৰ ভোজত মাছে-মঙহেৰে ভোজ হওক বা জা-জলপান, পিঠাপনা সকলো উভৈনদী হ'ব। ঘৰতে হওক বা পৰতে ভোগৰ এই উৎসৱত দুটা কামেই প্ৰধান; হয় খোৱা বা খোৱাৰ জুতি-বুধিৰ বিষয়ে আলোচনা কৰা। কৃষিভিত্তিক উৎসৱ বিহুৰ এটা ভোগালী বিহুৰ ভোগ শাৰীৰিকভাৱে পৰিশ্ৰমী কৃষক ৰাইজৰ বাবে স্বাস্থ্যসন্মত। কিন্তু চকীত বহি কেৱল মগজুৰ কচৰৎতহে অভ্যস্ত বা আন কোনো শাৰীৰিক শ্ৰমহীন জীৱনশৈলী আকোঁৱালি লোৱাসকলৰ বাবে ভোগালীৰ ভোগ-বিলাস হঠাৎ আৰ্জিত অতিৰিক্ত কেলৰীত পৰিণত হয়। সেয়ে কোনোৱে ভোগৰ নিয়মটোহে কৰে আৰু আন কোনোৱে সীমাৰ ভিতৰত থাকি ভোগৰ আনন্দ লয়। আন কোনোৱে আকৌ আগপিছ নুগুনি ভূৰি ভোজন কৰি পিছত অনুশোচনা কৰিবলগীয়া হয়। ভোগালীৰ অতিৰিক্ত খাদ্য সম্ভাৰে স্বাস্থ্যত কুপ্ৰভাৱ যাতে পেলাব নোৱাৰে তাৰবাবে সামান্য শাৰীৰিক- মানসিক প্ৰস্তুতি চলালে ভোগ-বিলাসৰ পিছৰ অপৰাধবোধ নোহোৱাকৈ প্ৰতিটো মুহূৰ্তৰ সোৱাদ ল'ব পাৰে। আপোনাৰ ভোগালীৰ ভোগৰ দিনকেইটাৰ বাবে আগতীয়াকৈ সাজু হওক। কি খাব কি নাখাব? ভোগালীৰ খাদ্য দ্ৰব্য পৰম্পৰা অনুসৃত হোৱা হেতুকে স্বাস্থ্যৰ বাবে বিৰাট অপকাৰী খাদ্য একো নাথাকে। গ্ৰামাঞ্চলত পথাৰৰ ধান, বাৰীৰ শাক-পাচলি, ঘৰৰ হাঁহ, পাৰ, নৈ-বিল-পুখুৰীৰ মাছ-পুঠিৰে খোৱা উৰুকাৰ ভাতসাজত পুষ্টিৰো অভাৱ নাই, এগৰাহ বেছিকৈ খালেও ভংগ নহয় স্বাস্থ্যবিধি। খাদ্য নিশ্চিত হ’ব। আগতীয়া প্ৰস্তুতি হিচাপে ভোজৰ পূৰ্বে পৰিমিত পৰিমাণৰ পানী, ফল-মূল খাব পাৰে। চহৰাঞ্চলত ভোজৰ বজাৰ কৰোঁতে সম্ভৱক্ষেত্ৰত জৈৱিক শাক পাচলি বিচাৰি আনিব পাৰে। উৰুকাৰ আগৰে পৰা হাইড্ৰেটেড থাকক: হাইড্ৰেশ্যন অৰ্থাৎ শৰীৰে সঠিক মাত্ৰাত পানী পাই থকাটো সামগ্ৰিক সুস্থতাৰ মূল চাবিকাঠি আৰু ই আপোনাৰ ভোক নিয়ন্ত্ৰণতো সহায় কৰিব পাৰে। ভোগালীৰ আগৰ এই দিনকেইটাত প্ৰচুৰ পৰিমাণে পানী খাই থাকিব। ভালদৰে পানী খাই থাকিলে ভোজৰ সময়ত অতিমাত্ৰা খাদ্য খোৱাটো ৰোধ কৰিব পাৰিব। শাৰীৰিক কাৰ্য্যকলাপ: গধুৰ খাদ্য খোৱাৰ দিনটোত খোৱা অতিৰিক্ত কেলৰিৰ ভাৰসাম্য ৰক্ষা কৰাত সহায়ক হোৱাকৈ নিয়মীয়া শাৰীৰিক কাৰ্য্যকলাপ আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰক।খৰকৈ খোজ কঢ়াই হওক, ৱৰ্কআউট হওক বা খেলা-ধুলাই হওক, সক্ৰিয় হৈ থকাটোৱে সামগ্ৰিক সুস্থতাত অৰিহণা যোগায় আৰু আপোনাৰ শৰীৰত হাই কেলৰী খাদ্যৰ প্ৰভাৱ কমোৱাত সহায় কৰে। প্ৰি ডিটক্স: ভোগৰ দিনবোৰৰ আগতে আপোনাৰ খাদ্যত প্ৰাকৃতিক বিষমুক্তিকৰণ গুণ থকা খাদ্য আপোনাৰ খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰক। নেমু, আদা, আৰু পদিনা, মানিমুনিৰ দৰে শাক অন্তৰ্ভুক্ত কৰক যিয়ে আপোনাৰ পাচনতন্ত্ৰ সবল কৰিব পাৰে আৰু উৰুকাৰ ভোজ তথা বিহুৰ পিঠাপনা, জা-জলপান হজম কৰিবৰ বাবে আপোনাৰ শৰীৰক সাজু কৰি তুলিব।