গোটৰ বাইদেউক লাখপতি কৰাব বিজেপি চৰকাৰে, গাইপতি ৩৫ হাজাৰ
২০২৪ ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত এইবাৰ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 'লাখপতি বাইদেউ' আঁচনি। ৪ হাজাৰ কোটিৰে ৩৯ লাখ মহিলাক কৰা হ'ব লাখপতি। ১৮ জানুৱাৰীৰ পৰা পঞ্চায়তে পঞ্চায়তে লাখপতি আঁচনিৰ ফৰ্ম পাব মহিলাই। লক্ষ্যনীয়ভাৱে অসমত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দিনকেইটাৰ ভিতৰতে পঞ্চায়তে পঞ্চায়তে নিৰ্দিষ্ট দিনত ফৰ্ম সংগ্ৰহ কৰিব লাগিব মহিলাসকলে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আচঁনিৰ অধীনত আত্মসহায়ক গোটসমূহৰ ৩৯ লাখ মহিলাক সামৰি ল'বলগীয়া এই আঁচনিৰ সবিশেষ ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে তিনিটা চৰ্তও। প্ৰথম চৰ্তমতে আবেদনকাৰী সাধাৰণ আৰু অন্যান্য পিছপৰা মহিলা তিনিটাৰ অধিক সন্তান থাকিব নোৱাৰিব। কিন্তু মৰাণ, মটক, চাহ জনগোষ্ঠীৰ মহিলাৰ তিনিটা অধিক থাকিলেও পাব ৰেহাই। অনুসূচীত জনজাতিৰ মহিলাৰ ৪ সন্তান থাকিলেও এই আঁচনিৰ বাবে উপযুক্ত বিবেচিত হ'ব। দ্বিতীয় চৰ্ত হ'ল আবেদনকাৰীয়ে অমৃত বৃক্ষ আন্দোলনত ৰোৱা গছ পুলিটো থাকিব লাগিব। মুখ্যমন্ত্ৰীয়ে জনোৱামতে প্ৰথম পৰ্যায়ত মহিলাসকলক দিয়া হ'ব ১০ হাজাৰকৈ টকা আগৰ ধনখিনি সঠিক ব্যৱহাৰ কৰিছেনে নাই পৰীক্ষা কৰি দ্বিতীয় পৰ্যায়ত দিয়া হ'ব ২৫ হাজাৰ টকা।তাৰে ১২,৫০০ টকা চৰকাৰে দিয়াৰ বিপৰীতে ১২,৫০০ টকা ঋণ আকাৰে বেংকে দিব।বেংকে দিয়া ১২৫০০ টকা ঘূৰাই দিব লাগিব। আনহাতে আবেদনকাৰী মহিলাসকলে চৰকাৰক দিব লাগিব দুটা বিষয়ত দায়বদ্ধতা পত্ৰ দিব লাগিব। প্ৰথম কিস্তিৰ ১০ হাজাৰ টকা পোৱাৰ পিছত চতুৰ্থ সন্তান জন্ম দিবনোৱাৰিব হিতাধিকাৰী মহিলাসকলে আৰু নিজৰ কন্যা সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ দায়বদ্ধতা থাকিব লাগিব।লক্ষণীয়ভাৱে এই আচঁনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ দিয়া হৈছে কঠোৰ নিয়ম।অঞ্চলভিত্তিত পঞ্চায়তৰ পৰা একেদিনাই ল'ব লাগিব প্ৰপত্ৰ। ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ দিয়া হ'ব প্ৰপত্ৰ।
