যুঁজাৰু ম'হৰ বাবে এম্বুলেন্স, বুলবুলিৰ বাবে মুক্তি: মাঘৰ SOPত আৰু কি?
পৰম্পৰাগত ম’হযুঁজ আৰু বুলবুলি যুঁজৰ SOP প্ৰকাশ কৰিলে অসম চৰকাৰৰ ৰাজনৈতিক বিভাগে।পৰম্পৰা ৰক্ষাৰ সময়ত জীৱজন্তুৰ প্ৰতি নিষ্ঠুৰতা যাতে নহয় সেয়া নিশ্চিত কৰি, সুনিৰ্দিষ্ট নীতি–নিয়মৰ মাজেৰে অনুষ্ঠিত কৰিব পাৰিব মাঘমাহৰ পৰম্পৰাগত ম’হযুঁজ–বুলবুলি যুঁজ। সকলোতে নহয়, কমেও ২৫ বছৰৰ ইতিহাস থকা স্থানতহে ম’হযুঁজৰ অনুমতি দিয়া হ’ব আৰু ১৫ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰতেই পাতিব লাগিব ম’হযুঁজ। পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত আৰম্ভ হৈ শেষ হ’ব লাগিব ম’হযুঁজ। ম’হযুঁজ হোৱা স্থানত পশুৰ বাবে এম্বুলেঞ্চসহ পশুপালন বিভাগৰ এটা দল জৰুৰী থাকিব লাগিব। যুঁজৰ থলীত ম’হৰ বাবে খাদ্য, পানী, বিশ্ৰামগৃহৰ ব্যৱস্থা থাকিব লাগিব। আয়োজকসকলে ম’হযুঁজৰ সম্পূৰ্ণ ভিডিঅ’ ৰেকৰ্ডিং কৰিব লাগিব। উপযুক্ত তথা মজবুত বেৰিকেডৰ ব্যৱস্থা, ম’হক উচটনি দিবলৈ চোকা অস্ত্ৰ ব্যৱহাৰ, যুঁজৰ বাবে অনা ম’হক নিচাযুক্ত দ্ৰব্য খুওৱা আদি সম্পূৰ্ণভাৱে নিষিদ্ধ হ'ব। SOPৰ প্ৰতিটো চৰ্তই মানি লোৱা হ’ব বুলি প্ৰশাসনক লিখিত দিব লাগিব আয়োজকসকলে। আনহাতে বুলবুলি চৰাইৰ যুঁজৰ বেলিকাও চৰাইকেইটাৰ সম্পূৰ্ণ সুৰক্ষাৰ নিশ্চিত কৰিব লাগিব আয়োজকে। যুঁজৰ স্থানত বুলবুলিৰ বাবে উপযুক্ত খাদ্য আৰু পানীৰ ব্যৱস্থা থাকিব লাগিব। দুগৰাকী মাৰ্ছাৰ আৰু দুগৰাকী বিচাৰকৰ বাহিৰে যুঁজস্থলীত অন্য ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগিব। চৰাইৰ গৰাকী বিশেষভাৱে সংৰক্ষিত আসনত শৃংখলাৱদ্ধভাৱে বহিব, দৰ্শকৰ বাবে আয়োজকে উপযুক্ত আসনৰ ব্যৱস্থা কৰিব লাগিব।যুঁজ শেষ হোৱাৰ পিছত বুলবুলি চৰাইকেইটাক সিহঁতৰ স্বাভাৱিক বসতি স্থানত সুস্থ অৱস্থাত এৰি দিব লাগিব। মাঘ মাহৰ ম’হযুঁজ আৰু বুলবুলি যুঁজৰ এই SOP অমান্য কৰিলে তেনে আয়োজক সমিতিক পৰৱৰ্তী ৫ বছৰৰ বাবে নিষিদ্ধ কৰা হ'ব।
