ভোগালীত ৰন্ধন গেছৰ নাটনিৰ আশংকা

ভোগালীৰ বতৰত নাটনি হ’ব পাৰে ৰন্ধন গেছৰ৷ নৰ্থ ইষ্ট পেকড এলপিজি ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েছনে আজিৰে পৰা পুনৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ কৰিছে৷ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰিবহন নিবিদা সম্পৰ্কত এছ’চিয়েছনে তোলা আপত্তি ভাৰতীয় তেল নিগমে নিষ্পত্তি নকৰাৰ অভিযোগ তুলি চিলিণ্ডাৰৰ পৰিবহণ বন্ধ ৰখাৰ ঘোষণা কৰিছে৷ এছ’চিয়েছনে তেওঁলোকৰ দাবীৰ বিষয়ে জনাই মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে৷ যোৱা ডিচেম্বৰ মাহতো এই ধৰ্মঘট হৈছিল৷