ধেমাজি বিস্ফোৰণ গোচৰৰ ৰায়, উচ্চতম ন্যায়ালয়ৰ জাননী উচ্চ ন্যায়ালয়লৈ
২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি বোমা বিস্ফোৰণত জড়িত বুলি অভিযুক্ত আলফা সদস্যকে ধৰি পাঁচজনক দোষী সাব্যস্ত কৰা নিম্ন আদালতৰ ৰায় খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্তসকলক দোষমুক্ত কৰি দিয়া ৰায় সন্দৰ্ভত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়লৈ জাননী জাৰি কৰে।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে অসম ৰাজ্যই দাখিল কৰা আবেদন ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ সুধাংশু ঢুলীয়াৰ বিচাৰপীঠে গ্ৰহণ কৰি সংশ্লিষ্ট পক্ষলৈ জাৰি কৰে জাননী। গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২৩ৰ ২৪ আগষ্টত অভিযুক্ত দীপাঞ্জলি বৰগোহাঁই, লীলা গগৈ, যতীন দুৱৰী, মুহি সন্দিকৈ আৰু হেমেন গগৈক UAPA আৰু IPCৰ বিভিন্ন ধাৰাত দোষী সাব্যস্ত কৰি নিম্ন আদালতে দিয়া ৰায়টো খাৰিজ কৰিছিল।এই ৰায়দানৰ দ্বাৰা উচ্চ ন্যায়ালয়ে অভিযুক্তসকলক দোষী সাব্যস্ত কৰা ০৪.০৭.২০১৯ তাৰিখৰ নিম্ন আদালতৰ ৰায় বাতিল কৰে। উচ্চতম ন্যায়ালয়ত অসম ৰাজ্যই দাখিল কৰা আবেদনখনত কোৱা হৈছে যে উচ্চ ন্যায়ালয়ে অভিযুক্তৰ দোষী সাব্যস্ত কৰা ৰায়টো ত্ৰুটিপূৰ্ণভাৱে নাকচ কৰে। দোষী সাব্যস্ত হোৱা এজন অভিযুক্ত যতীন দুৱৰীৰ স্বীকাৰোক্তি সলনি হোৱাৰ যুক্তিৰে নিম্ন আদালতৰ ৰায় নাকচ কৰা হয় অথচ দুৱৰীৰ স্বীকাৰোক্তি সলনি হ'বলৈ লাগিল সুদীৰ্ঘ দহবছৰ। উচ্চ ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াৰ আন আসোঁৱাহ থকা বুলিও আবেদনখনত উল্লেখ কৰা হৈছে। ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সংঘটিত বোমা বিস্ফোৰণত ১৩টি শিশুসহ ১৮ জনকৈ লোকে প্ৰাণ হেৰুওৱা সেই ঘটনাৰ দোষীৰ শাস্তি বিচাৰি আজিও চকুলো টুকি আছে ভুক্তভোগী পৰিয়ালসমূহে। তেনে প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ৰ ২৪.০৮.২০২৩ তাৰিখৰ ৰায়ক প্ৰত্যাহ্বান জনাই অসম ৰাজ্যই আবেদন দাখিল কৰে আৰু উচ্চতম ন্যায়ালয়ে আবেদনখন গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ত এই আৱেদনখনৰ পক্ষত যুক্তি আগবঢ়াইছিল অসম ৰাজ্যৰ হৈ ছিনিয়ৰ এএজি নলিন কোহলীয়ে। নলীন কোহলীক সহযোগ কৰে অধিবক্তা নিমিশা মেনন, অসম চৰকাৰৰ স্থায়ী অধিবক্তা অংকিত ৰয় আৰু অধিবক্তা শ্ৰুতি আগৰৱালে।
