কাজিৰঙা দেশৰ ৫ শীৰ্ষ পক্ষী বিচৰণস্থলীৰ তালিকাভুক্ত

৯-১০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সম্পন্ন হোৱা কাজিৰঙাৰ জলজ পক্ষী গণনাৰ ফলাফলে দেশৰ পক্ষীপ্ৰেমী দৃষ্টি আকৰ্ষণ কৰিলে। বিগত বৰ্ষসমূহতকৈ কাজিৰঙাত স্থায়ী আৰু পৰিভ্ৰমী জলজ পক্ষীৰ সংখ্যা ২৭ শতাংশ বৃদ্ধি পালে ৷ মুঠ ৮৪,৮৩৯ টা জলজ পক্ষীৰে দেশৰ ভৰতপুৰ, চিলিকাকে ধৰি পক্ষীৰ আৱাসস্থলী হিচাবে প্ৰখ্যাত শীৰ্ষ ৫  পক্ষীৰ প্ৰাকৃতিক আৱাসস্থলীৰ অন্তৰ্ভুক্ত হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে এক সংবাদ মেলত প্ৰকাশ কৰে এই তথ্য ৷ আনহাতে গণনাৰ সময়ত পোৱা গ’ল ১০ টা দুৰ্লভ আৰু বিলুপ্তিপ্ৰায় পক্ষী। Gull Billed Tern দেশৰ ভিতৰতে কাজিৰঙাত প্ৰথম দেখা পোৱা গ’ল ৷ ৯-১০ জানুৱাৰীত কৰা এই জলচৰ পক্ষী গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলৰ অন্তৰ্গত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ১১৫ বিলৰ লগতে সামৰি লোৱা হয় দাঁতিকাষৰীয়া বিলসমূহো ৷