পুনৰ বিজেপিৰে দখলত উত্তৰ কাছাৰ পৰিষদ

উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত্বশাসিত পৰিষদ পুনৰ বিজেপি দলৰ দখললৈ গৈছে৷ পৰিষদৰ নিৰ্বাচনৰ আজি হোৱা ভোট গণনাত বিজেপি দলৰ প্ৰাৰ্থীয়ে ১৯ খন আসনত জয়লাভ কৰিছে৷ আনহাতে, তিনিখন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ উল্লেখ্য, বিজেপিৰ ছয়জন প্ৰাৰ্থীয়ে ইতিমধ্যেই বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে নিৰ্বাচিত হৈছিল৷ সকলো মিলাই বিজেপি শক্তি হ’বগৈ ২৫৷ ইপিন, বিৰোধী কংগ্ৰেছ দলৰ কেউজন প্ৰাৰ্থী পৰাজিত হৈছে৷ অন্তিম মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থী কেইজনেই মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাত বিজেপিৰ ছয়জনকৈ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্ব্বিতাৰে জয়লাভ কৰাৰ পথ প্ৰশস্ত হৈছিল৷ কংগ্ৰেছে অৱশ্যে শাসকপক্ষই প্ৰাৰ্থীকেইজনক বন্দুকৰ ভাবুকি দিয়াৰ অভিযোগ কৰিছে৷