কুঁৱলীত অথন্তৰ, গুৱাহাটীমুখী বিমান পালেগৈ ঢাকা

ঘন কুঁৱলীৰ বাবে শনিবাৰে মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ এয়াৰলাইন্সৰ এখন বিমান বাংলাদেশৰ ঢাকা বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়৷ বিমানখনে গুৱাহাটীত অৱতৰণ কৰাৰ কথা আছিল যদিও ভিজিবিলিটিৰ সমস্যাৰ বাবে গুৱাহাটী বিমানবন্দৰত অৱতৰণৰ অনুমতি নোপোৱাত পথ সলনি কৰি পুৱা চাৰি বজাত বাংলাদেশৰ ৰাজধানী ঢাকাত নিৰাপদে অৱতৰণ কৰোৱা হয়৷ বিমানখনত থকা ১৭৮ জন যাত্ৰীৰ ভিতৰত মুম্বাইৰ কংগ্ৰেছ নেতা সুৰয সিং ঠাকুৰো আছে৷ তেওঁ ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশ ল’বলৈ আহিছে৷ বিমানখন শুকুৰবাৰে নিশা ৮-২০ বজাত মুম্বাইৰ পৰা যাত্ৰা কৰি ১১-১০ বজাত গুৱাহাটী আহি পোৱাৰ কথা আছিল৷ কিন্তু তিনি ঘণ্টা পলমকৈ ১১-২০ বজাতহে বিমানখনে মুম্বাই এৰিছিল৷ প্ৰায় বাৰ ঘণ্টাৰ মূৰকত বিমানখন গুৱাহাটীত আহি অৱতৰণ কৰে৷