আৰম্ভ হ’ল “মুহব্বত কী দুকান”!

মণিপুৰৰ পৰাই আৰম্ভ কৰা হৈছে “মুহব্বত কী দুকান”ৰ! মুহব্বত কী দুকানৰ শ্লোগান লিখি বাছ এখনত উঠি এইবাৰ ৰাহুল গান্ধীয়ে কৰিব মণিপুৰৰ পৰা মুম্বাইলৈ যাত্ৰা৷ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সংসদ ৰাহুল গান্ধীয়ে দেওবাৰে বিয়লি মণিপুৰৰ থৌবালৰ পৰা “ভাৰত জোড়ো ন্যায় যাত্ৰা”ৰ শুভাৰম্ভ কৰে৷ মনিপুৰ চৰকাৰে সীমিত লোকৰ উপস্থিতি, এঘণ্টাৰ ভিতৰত সভাৰ কাৰ্যসূচী শেষ কৰা আদি বিভিন্ন চৰ্ত আৰোপ কৰি ইম্ফলৰ পৰিৱৰ্তে থৌবালৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ অনুমতি দিছে৷ এই যাত্ৰাত পূৰ্বোত্তৰৰ পাঁচখন ৰাজ্যৰ লগতে দেশৰ ১৫ খন ৰাজ্যৰ ১১০ খন জিলাক এই যাত্ৰাই সামৰি লৈছে৷ উল্লেখ্য যে এই যাত্ৰাত বিশেষ গুৰুত্ব দিয়া হৈছে অসমক৷ উত্তৰ প্ৰদেশৰ পাছতে এই যাত্ৰাই অসমত সৰ্বাধিক দূৰত্ব সামৰি ল’ব৷ উত্তৰ প্ৰদেশৰ ২০খন জিলাৰ ১০৭৪ কিলোমিটাৰ দূৰত্ব ১১ দিনত সামৰা হ’ব৷ আনহাতে, অসমত ৮ দিনত ১৭খন জিলাৰ ৮৩৩ কিলোমিটাৰ পথত যাত্ৰা কৰিব গান্ধীয়ে৷ অহা ১৮ জানুৱাৰীত ৰাহুল গান্ধীৰ নেতৃত্বত ন্যায় যাত্ৰাই আন্তঃৰাজ্যিক সীমান্তৰ হালোৱাটিং হৈ শিৱসাগৰ জিলাৰ আমগুৰিত প্ৰৱেশ কৰিব৷ সেইদিনা নিশা যাত্ৰাত অংশগ্ৰহণকাৰীসকলে যোৰহাট নগৰত নিশা কটাব৷ ১৯ জানুৱাৰীত মাজুলীত যাত্ৰা কৰি নিশা গোগামুখ পাবগৈ৷ ২০ তাৰিখে লখিমপুৰ জিলা হৈ সন্ধিয়া অৰুণাচল প্ৰদেশৰ ইটানগৰত সোমাব৷ ২১ জানুৱাৰীত পুনৰ গহপুৰ হৈ অসমত প্ৰবেশ কৰি বিশ্বনাথ চাৰিআলি, জামুগুৰি, কলিয়াভোমোৰা হৈ কলিয়াবৰলৈ আগবাঢ়িব৷ সেইদিনা নিশা কটাব নগাঁও জিলাৰ ৰূপহীত৷ পাছদিনা নগাঁও আৰু মৰিগাঁও জিলাত যাত্ৰা কৰি সন্ধিয়া পাবগৈ মেঘালয়ৰ নংপো৷ তাতেই নিশা কটাই ২৩ জানুৱাৰীৰ পুৱাৰে পৰা গুৱাহাটীত আৰম্ভ কৰিব যাত্ৰা৷ গুৱাহাটীত জয়া নগৰ চাৰিআলিৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ গুৱাহাটী মহানগৰীৰ মাজেৰে যাত্ৰা আগবাঢ়ি কামৰূপ জিলাৰ হাজোলৈ যাব, তাৰ পৰা নলবাৰী, বৰপেটালৈ যাব৷ বৰপেটাৰ বিষ্ণুপুৰত নিশা কটাই ২৪ জানুৱাৰীত বৰপেটা আৰু বঙাইগাঁৱত হ’ব যাত্ৰা৷ ২৫ জানুৱাৰীত ধুবুৰী হৈ যাত্ৰাই পশ্চিম বংগত প্ৰৱেশ কৰিব৷ ৬৬ দিনীয়া ন্যায় যাত্ৰাৰ মহাৰাষ্ট্ৰত সামৰণি পৰিব৷ ইপিনে, যাত্ৰাৰ পূৰ্বে আজি মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী মিলিন্দ দেওৰাই পদত্যাগ কৰিছে৷ পদত্যাগ কৰিয়ে তেওঁ শিৱ সেনাৰ সিন্দে গোটত যোগদান কৰিছে৷