দিছপুৰত এইবাৰ স্পেচিয়েল চিএছ, ৰবি কোটা পৰৱৰ্তী মুখ্যসচিব

ড° ৰবি কোটা হ’ব অসমৰ পৰৱৰ্তী মুখ্যসচিব৷ তিনিজনকৈ জ্যেষ্ঠ বিষয়াক চেৰাই ১৯৯৩ চনৰ আই এ এছ ড° কোটাক পৰৱৰ্তী মুখ্যসচিব হিচাপে আজি নিযুক্তি দিয়া হৈছে৷ অহা ৩১ মাৰ্চত বৰ্তমানৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰে অৱসৰ গ্ৰহণ কৰাৰ দিনাই তেওঁ দায়িত্ব গ্ৰহণ কৰিব৷ তেতিয়ালৈ তেওঁ মুখ্যসচিবৰ অএছডি হৈ থাকিব৷ ইপিনে, ড° কোটাতকৈ জ্যেষ্ঠ তিনি বিষয়া ৰবি শংকৰ প্ৰসাদ, এছ আব্বাছী আৰু আশীষ কুমাৰ ভূটানীৰ বাবে সৃষ্টি কৰা হৈছে “বিশেষ মুখ্যসচিব”ৰ ( স্পেচিয়েল চীফ চেক্ৰেটাৰী) পদ৷ তিনিওজনে বৰ্তমানৰ দায়িত্ববোৰ এই নতুন পদত কাৰ্যনিৰ্বাহ কৰি পালন কৰিব৷ ইপিন, সমীৰ সিনহা চেন্ট্ৰেল ডেপুটেশ্যনলৈ যোৱাৰ পাছত এপিডিচিএলৰ অধ্যক্ষ কে কে দ্বিবেদীক মুখ্যমন্ত্ৰীৰ নতুন প্ৰধান সচিব হিচাপে নিযুক্তি দিয়া হৈছে৷