ৰঞ্জন গগৈলৈ “অসম বৈভৱ”

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ পূৰ্বে ৰাম মন্দিৰ-বাবৰি মছজিদ গোচৰৰ ৰায়দান কৰা বিচাৰপতি সকলৰ অন্যতম, উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক “অসম বৈভৱ” সন্মান দিয়াৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে৷ আনহাতে, চাৰইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে নথি-পত্ৰ প্ৰস্তুত কৰাত পালন কৰা ভূমিকাৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰত্নতত্ত্ববিদ ড° কিষাণ চান্দ নৌৰিয়াল, তিৱা নৃত্য বিশেষজ্ঞ নাদিৰাম দেউৰী, দৌৰবিদ হিমা দাস আৰু সন্তৰণবিদ এলভিছ আলী হাজৰিকাক “অসম সৌৰভ” দিবৰ বাবে বাছনি কৰা হৈছে৷ বিভিন্ন ক্ষেত্ৰৰ আন সোতৰজন ব্যক্তিক “অসম গৌৰৱ“ সন্মানৰ বাবে বাছনি কৰা হৈছে৷ তেওঁলোক হৈছে— বিহু শিল্পী ৰঞ্জিত কুমাৰ গগৈ, হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, শব্দযন্ত্ৰী দেৱজিৎ চাংমাই, ছিপাঝাৰৰ সুকনান্নী ওজা শিল্পী দ্ৰোণ ভূঞা,কৃষক নীলম দত্ত, ৰিপ’জৰ স্বত্বাধিকাৰী অনুপম ডেকা, প্ৰকৃতি সংৰক্ষণবিদ সৌম্যদীপ দত্ত, কাঠফুলা খেতিয়ক বসন্ত চিৰিং ফুকন, বৰপেটাৰ হস্তশিল্প আৰু বাঁহ শিল্পী মনেন্দ্ৰ ডেকা, শিৱসাগৰৰ আশা কৰ্মী মীনাক্ষী চেতিয়া, কাৰ্বি লোকগীতৰ গায়িকা পখিলা লেখথেপী, হাতী অনুকূল চাহ বাগিচা স্থাপন কৰা ওদালগুৰিৰ টেনজিং বডোছা, কাছাৰৰ শীতল পাটী শিল্পী নিৰ্মল দে, মিছিং হস্ততাঁত শিল্পী জেচিন কুম্বাং পাৱে, তিনিচুকীয়াৰ আশা কৰ্মী মেৰী হাছা, ক’লা ধানৰ খেতিয়১ক উপেন্দ্ৰ ৰাভা, ডুমডুমাৰ প্ৰগতিশীল কৃষক ৰাহুল গুপ্তা৷ অহা ১০ ফেব্ৰুৱাৰীত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে এই সন্মানসমূহ প্ৰদান কৰিব৷