এচিএছৰ শীৰ্ষত গৌৰীপুৰৰ ৰচিকা ইছলাম

অসম লোকসেৱা আয়োগে ( এপিএছচি) অনুষ্ঠিত কৰা ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ এচিএছত প্ৰথম স্থান দখল কৰিছে ধুবুৰীৰ গৌৰীপুৰৰ ৰচিকা ইছলামে৷ দ্বিতীয় হৈছে মিৰ্জাৰ বৰকুছিৰ দিক্ষীত দাস, ডিগবৈৰ বাপাপুঙৰ বিথপী গগৈ তৃতীয় হৈছে৷ এপিএছত প্ৰথম হৈছে হোজাইৰ ৰোহিত চৌধুৰী৷ বুধবাৰে এই ফলাফল ঘোষণা কৰা হয়৷ এচিএছ, এপিএছৰ লগতে আন ২৫ টা সহযোগী সেৱাত নিযুক্তিৰ বাবে আয়োগে ৯১৩ জন প্ৰাৰ্থী বাছনি কৰিছে৷ এচিএছৰ বাবে ৮৬ জন আৰু এপিএছৰ বাবে ৬৫ জনক বাছনি কৰা হৈছে৷