কৃষক মুক্তিৰ তিনি নেতাক আচম্বিতে গ্ৰেপ্তাৰ: অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকা

শনিবাৰে পুৱাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আৰু দুই সাংগঠনিক সম্পাদকক অতৰ্কিতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। পুৱাই গোলাঘাট আৰক্ষীয়ে ফৰকাটিঙৰ গোৱালগাঁৱৰ নিজ গৃহৰ পৰা আটক কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক। ইফালে যোৰাবাটৰ পৰা সংগঠনটোৰ এজন সাংগঠনিক সম্পাদক আকাশ দলে আৰু হালোৱাটিঙৰ বাসগৃহৰ পৰা একেধৰণেই আৰক্ষীয়ে আটক কৰে কৃষক মুক্তিৰ আন এজন সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকাক। বৰ্তমানেও কৃষক মুক্তিৰ নেতাকেইজনক আটক বা গ্ৰেপ্তাৰ সম্পৰ্কে আৰক্ষীয়ে সবিশেষ প্ৰকাশ কৰা জানিব নাই যদিও গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়চোৱাত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাতে তিনিওকে আটক কৰা বুলি সন্দেহ কৰা হৈছে। কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ গ্ৰেপ্তাৰৰ পাছতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে বিধায়ক অখিল গগৈয়ে।কৃষক মুক্তিৰ নেতাক আটক কৰাৰ কাৰণ বিচাৰে অখিল গগৈয়ে।