ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাকালত অসমত মাছ, মাংস, আমিষ খাদ্যৰ বিক্ৰী নিষিদ্ধ
অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোৰ বাবে ৰাজ্য চৰকাৰে অসমবাসীক জনালে কেতবোৰ বিশেষ আহ্বান। সোমবাৰে সকলো চৰকাৰী কাৰ্যালয়ৰ বেলিকা ইতিপূৰ্বেই অৰ্ধছুটীৰ দিন ঘোষণা কৰিছিল চৰকাৰে। আনহাতে বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান। দেওবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলযোগে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়খিনিত ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ ৰাখিবলৈ আহ্বান জনায়। আবতৰীয়া দেৱালী নকৰিলেও সন্ধিয়া সকলো ঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান আলোকিত কৰিবলৈ বা এগছি বন্তি প্ৰজ্বলন কৰিবলৈকো মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আহ্বান জনালে। একেদৰে আহ্বান জনালে নামঘৰত নাম কীৰ্তন কৰিবলৈ। আন ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতিও মুখ্যমন্ত্ৰীৰ অনুৰোধ সকলোৱেই যাতে মিলি জুলি থাকিব পাৰে তাৰ বাবে মছজিদত দোৱা আৰু গীৰ্জাত প্ৰাৰ্থনা কৰিব লাগে। আনহাতে সোমবাৰৰ দিনটোত চৰকাৰীভাৱে দিনৰ চাৰি বজা পৰ্যন্ত মাছ-মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়খিনিত হোটেল আদিতো আমিষ খাদ্য বিক্ৰী কৰিব নোৱাৰিব। আনকি মুখ্যমন্ত্ৰীৰ আহ্বান ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত ৰাজ্যবাসীয়ে পাৰিলে এবেলা উপবাসে থাকক।
