অযোধ্যাৰ ৰাম মন্দিৰত পাঁচবছৰীয়া 'ৰামলালা'ৰ প্ৰাণ প্ৰতিষ্ঠা

দীৰ্ঘ প্ৰতীক্ষা, জল্পনা-কল্পনাৰ অন্তত প্ৰাণ প্ৰতিষ্ঠা হ’ল অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰৰ ৰামলালা বিগ্ৰহৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে পূজা-উপাসনাৰে, পুৰোহিতৰ বৈদিক মন্ত্ৰোচ্চাৰণৰ দ্বাৰা প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল ৰামলালাৰ বিগ্ৰহৰ। ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাকালত উপস্থিত আছিল RSS প্ৰধান মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। দিনৰ ১২ বাজি ২৯ মিনিট ৩ ছেকেণ্ডৰ প্ৰাণ প্ৰতিষ্ঠাৰ অভিজিৎ মুহূৰ্তৰ পিছত ৫ বছৰীয়া শিশু ৰামৰ বিগ্ৰহত আৰম্ভ হয় পূজা-সেৱা। ৰামলালাৰ বিগ্ৰহৰ সন্মুখত সাষ্টাংগে প্ৰণিপাত জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাকালত সমগ্ৰ দেশত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। প্ৰাণ প্ৰতিষ্ঠাকালত ৰাম মন্দিৰ প্ৰাংগনত উপস্থিত আছিল বিপুল সংখ্যক জনতা। অমিতাভ বচ্চনৰ পৰা মুকেশ আম্বানীলৈ চেলিব্ৰিটিৰ ভিৰো দেখা গ'ল অযোধ্যাত।