ৰাম মন্দিৰৰ ইতিহাস: ধ্বংসৰ পৰা পুনঃ প্ৰাণ প্ৰতিষ্ঠালৈ

১৫২৮ চন: অযোধ্যাৰ ৰাম মন্দিৰ ধবংস কৰি বাবৰি মছজিদ সাজিছিল বাবৰৰ সেনাপতি মিৰ বাকিয়ে। (ইতিমধ্যেই ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিল) ১৮৮৫ চন: মোগল ৰাজত্বৰ অৱসান , আৰম্ভ হয় ব্ৰিটিছ শাসন) মহন্ত ৰঘূবীৰ দাসে মছজিদৰ বাহিৰত ৰামলালা প্ৰতিষ্ঠাৰ আৱেদন ব্ৰিটিছ আদালতত। আদালতে খাৰিজ কৰে মহন্ত ৰঘূবীৰ দাসৰ আৱেদন। ১৯৪৯ চন: মছজিদৰ মূল গম্বুজৰ তলত প্ৰতিষ্ঠা কৰা হয় ৰামলালা, মন্দিৰপন্থীৰ দাবী ৰামলালা সেই স্থানত নিজেই প্ৰকট হ’ল ৰামলালা। ১৯৫০ চন: ৰামলালাৰ পূজাৰ অনুমতি বিচাৰি ফৈজাবাদ আদালতত গোচৰ। ১৯৫৯ চন: বিতৰ্কিত ভূমিৰ মালিকনা দাবী কৰে নিৰ্মোহী আখড়াই। ১৯৮১ চন: বিতৰ্কিত ভূমিৰ অধিকাৰ দাবীৰে আদালতৰ দ্বাৰস্থ চুন্নী ৱাকফ বৰ্ড। ১৯৮৬চন: হিন্দু উপাসনাৰ বাবে দুৱাৰ খুলি দিবলৈ ফৈজাবাদ আদালতত গোচৰ। ১৯৮৯চন: বিতৰ্কিত ভূমিত স্থিতাৱস্থা বাহাল ৰাখিবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। ১৯৯২ চন: বাবৰি মছজিদ ধ্বংস কৰে কৰ সেৱকসকলে। ১৯৯৩ চন: সংসদত আইন আনি বিতৰ্কিত ভূমি দখল কৰিলে কেন্দ্ৰই। ১৯৯৪ চন: সৰ্বোচ্চ আদালতে ৰায় কোনো মছজিদেই ইছলামৰ অবিচ্ছেদ্য অংগ নহয়। ২০১০ চন: এলাহাবাদ হাইকৰ্টৰ ৰায় বিতৰ্কিত ভূমিক তিনি ভাগত বিভক্ত কৰাৰ। ২০১১ চন: এলাহাবাদ হাইকৰ্টৰ ৰায়ক স্থগিতাদেশ সৰ্বোচ্চ ন্যায়ালয়ৰ ২০১৭চন: মুখ্য ন্যায়াধীশে আদালতৰ বাহিৰতে বিবাদ নিস্পত্তিৰ বাবে জনালে আহ্বান। ২০১৭ চন: সৰ্বোচ্চ ন্যায়ালয়ে বিচাৰৰ বাবে গঠন কৰিলে তিনিজনীয়া বিচাৰপীঠ। ২০১৮ চন: নতুন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে পুনৰ গঠন কৰিলে বিচাৰপীঠ। ২০১৯ চন: সৰ্বোচ্চ ন্যায়ালয়ে বিচাৰপীঠৰবিচাৰপতিৰ সংখ্যা বৃদ্ধি কৰিলে পাঁচজনলৈ। ২০১৯ চন: সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিলে এখন মধ্যস্থতাকাৰী পেনেল। ২ আগষ্ট, ২০১৯ চন: প্ৰতিদিনেই ৰাম মন্দিৰৰ শুনানি লোৱাৰ সিদ্ধান্ত সৰ্বোচ্চ ন্যায়ালয়ৰ। ১৬ অক্টোবৰ, ২০১৯ চন: শেষ হয় ৰাম মন্দিৰৰ দীঘলীয়া শুনানী। ৯ নৱেম্বৰ, ২০১৯চন: সৰ্বোচ্চ ন্যায়ালয়ে ৰায় দিলে বিতৰ্কিত ভূমিত মন্দিৰেই নিৰ্মাণ হ’ব। ৫ ফেব্ৰুৱাৰী, ২০২০চন: শ্ৰীৰাম জন্মভূমি ট্ৰাষ্ট গঠনত কেবিনেটৰ অনুমতি। ৫ আগষ্ট, ২০২০ চন: ৰূপৰ ইটাৰে নিৰ্মাণৰ শিলান্যাস প্ৰধানমন্ত্ৰী মোদীৰ। ২২ জানুৱাৰী, ২০২৪ চন: অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা প্ৰধানমন্ত্ৰীৰ।