হত্যা নহয়,পথ দূৰ্ঘটনাতে মৃত্যু হৈছিল জোনমণি ৰাভাৰঃ চিবিআই

হত্যা বা আত্মহত্যা নহয়, পথ দূৰ্ঘটনাতহে মৃত্যু হৈছিল এছ আই জোনমণি ৰাভাৰ৷ চিবিআয়ে তদন্ত কৰি এই তথ্য পাইছে৷ মহিলা আৰক্ষী বিষয়া গৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰি চিবিআয়ে বুধবাৰে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত তিনিটা গোচৰৰ অভিযোগনামা দাখিল কৰিছে। অসম আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাই যোৱা ১৫ মে’ৰ নিশা নগাঁও জিলাৰ জখলাবন্ধাৰ সমীপত নিজৰ গাড়ী আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল৷ উল্লেখ্য যে জোনমণি ৰাভাৰ মৃত্যুক লৈ সৃষ্টি হৈছিল ৰহস্যৰ৷ বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিচতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়ালে অভিযোগ কৰিছিল৷ এনে পৰিপ্ৰেক্ষিতত ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ ৰাজহুৱা দাবী উত্থাপন হৈছিল আৰু পৰৱৰ্তী সময়ত অসম চৰকাৰে এই ঘটনাৰ চি বি আই তদন্ত ঘোষণা কৰিছিল । তদন্তকাৰী সংস্থাটোৱে বিষয়াগৰাকীৰ মৃত্যুৰ ক্ষেত্ৰত কোনো ধৰণৰ ফাউল প্লে বা ইচ্ছাকৃতভাৱে ক্ষতি কৰাৰ কথা নুই কৰিছে বুলি জানিব পৰা গৈছে৷