উত্তৰাখণ্ডত গৃহীত হ’ল ইউচিচি বিধেয়ক

উত্তৰাখণ্ড বিধানসভাই বুধবাৰে উমৈহতীয়া দেৱানী বিধি (ইউনিফৰ্ম চিভিল কোড, চমুকৈ ইউচিচি) বিধেয়ক গৃহীত কৰিছে। ইয়াৰ লগে লগে দেশৰ স্বাধীনতাৰ পাছত ইউচিচি বলবৎ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে উত্তৰাখণ্ড (গোৱাত পৰ্তুগীজ ভূখণ্ড হোৱাৰ পৰাই ইউচিচি আছিল)। বিধেয়কখনৰ সন্দৰ্ভত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে কয় যে বিবাহ, ভৰণ-পোষণ, উত্তৰাধিকাৰ, বিবাহ বিচ্ছেদ আদি বিষয়ত কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ ইউচিচিয়ে সকলোকে সমতাৰ অধিকাৰ প্ৰদান কৰিব। বিধেয়কখনৰ ৪(i)নং ধাৰাত বহুবিবাহ আৰু বহুবিবাহৰ অনুমতি নিষিদ্ধ কৰা হৈছে। কোনে বিয়া কৰাব পাৰে তাৰ সংজ্ঞা দি কোৱা হৈছে যে বিবাহৰ সময়ত কোনো পক্ষৰে জীৱিত পতি বা পত্নী থাকিব নোৱাৰিব। ওপৰৰ ধাৰাটোৰ উপধাৰা (iii)ত ছোৱালীৰ বাবে ১৮ বছৰ আৰু ল’ৰাৰ বাবে ২১ বছৰ বিবাহৰ বয়স নিৰ্ধাৰণ কৰা হৈছে। লিভ ইন ৰিলেচনত থকাসকলে এমাহৰ ভিতৰত কৰ্তৃপক্ষক লিখিত ভাবে জনাব লাগিব৷ অন্যথাই তিনি মাহৰ কাৰদণ্ড আৰু দহ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব৷ জনজাতীয় লোকসকলক আইনাখনৰ আওতাৰ বাহিৰত ৰখা হৈছে৷