ব্যস্ত ৰাজপথতে ড্ৰ’ন বোমাৰ আক্ৰমণত নিহত সন্ত্ৰাসবাদী কমাণ্ডাৰ , ঘটনা ইৰাকৰ
বাগদাদত আমেৰিকাৰ ড্ৰ’ন আক্ৰমণত নিহত হৈছে ইৰাণ সমৰ্থিত এক সন্ত্ৰাসবাদী সংগঠনৰ এজন জ্যেষ্ঠ কমাণ্ডাৰ। কাটাইব হিজবুল্লাহৰ এজন নেতা আৰু তেওঁৰ দুজন দেহৰক্ষীক এখন বাহনত থকা অৱস্থাতে ড্ৰ'ণ বোমাৰে আক্ৰমণ চলোৱাৰ ফলত তিনিওজনেই নিহত হয়। আমেৰিকাৰ দাবী , ইৰাকৰ সেই অঞ্চলত আমেৰিকান বাহিনীৰ ওপৰত আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল নিহত কমাণ্ডাৰজন। যোৱা মাহত জৰ্ডানত সংঘটিত হোৱা ড্ৰ’ন আক্ৰমণৰ বাবেও আমেৰিকাই এই সন্ত্ৰাসবাদী সংগঠনটোকে জগৰীয়া কৰিছে। আনহাতে আমেৰিকাৰ এই আক্ৰমণৰ পিছত কাটাইব হিজবুল্লাই কয় যে ইৰাক চৰকাৰৰ মুখলজ্জা ঢাকিবলৈ তেওঁলোকে আমেৰিকান সৈন্যৰ ওপৰত আক্ৰমণ স্থগিত ৰাখিছে। বুধবাৰে নিশা বাগদাদৰ মাষ্টাল চুবুৰীত সংঘটিত হোৱা ড্ৰ’ন আক্ৰমণত কেইবাটাও বোমা বিস্ফোৰণ সংঘটিত হয়। ব্যস্ত ৰাস্তাত চলি থকা বাহনৰ মাজত নিৰ্দিষ্ট বাহনখনৰ ওপৰত নিখুঁত আক্ৰমণত গাড়ীখন জ্বলি ছাৰখাৰ হৈ যায়। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে, স্থানীয় সময় অনুসৰি ২১:৩০ বজাত (১৮:৩০ জিএমটি) এই আক্ৰমণ সংঘটিত হয় আৰু আক্ৰমণৰ সময়ত কোনো ধৰণৰ অন্য ক্ষতি বা অসামৰিক লোক হতাহত হোৱা নাই।
