ৰাজ্যৰ তিনি সমষ্টিত আপৰ প্ৰাৰ্থী ঘোষণা, বিৰোধী ঐক্যত চৰম অনৈক্য
অসমৰ বহুচৰ্চিত বিৰোধী ঐক্য থানবান কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ তিনিটা সমষ্টিৰ বিপৰীতে তিনি প্ৰাৰ্থীৰ নাম দিল্লীত ঘোষনা কৰিলে আপৰ কেন্দ্ৰীয় নেতৃত্বই। সেই অনুসৰি গুৱাহাটীত ডা: ভবেন চৌধুৰী,শোণিতপুৰত ঋষিৰাজ কৌন্দিল্য আৰু ডিব্ৰগড় লোকসভা সমষ্টিত মনোজ ধানোৱাৰে আপৰ হৈ অৱতীৰ্ণ হব লোকসভা নিৰ্বাচনত। আপ, অসমে এক সংবাদমেলত জনাইছে যে বিগত দুবছৰৰ পৰা ঋষিৰাজ কৌন্দিল্যই শোণিতপুৰত সাংগঠনিক কামকাজ কৰি আছে। ডিব্ৰুগড়টো বিগত বছৰ সমূহত সাংগঠনিক কামত অনন্য ভূমিকা পালন কৰি আহিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰে। আনহাতে ডা: ভবেন চৌধুৰী হ'ল আপৰ ৰাজ্যিক সভাপতি। আপৰ তৰফৰ পৰা জনোৱা মতে ৰাজ্যৰ অন্য ১১ টা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ যি প্ৰাৰ্থী থাকিব তেওঁলোকক পূৰ্ণ সমৰ্থন জনাব আপে। আনহাতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ পৰা আশাপ্ৰদ সহযোগিতা নোপোৱাত আপ অসম দলটোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ কাষ চাপিবলৈ বাধ্য হয় বুলি জনায়। বিৰোধী ঐক্য মঞ্চই সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণত বিলম্ব কৰাৰ বাবেই নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰিবলৈ আপ বাধ্য হয় বুলিও অঋৱগত কৰে আপে।
