অসমৰ নতুন ভোটাৰ তালিকা প্ৰকাশ, ৭,৮৬,৭২৩ নতুন ভোটাৰ
অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুন ভোটাৰ তালিকা প্ৰকাশ পালে। ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা হ'লগৈ ২,৪৩,০১,৯৬০ ,পূৰ্বৰ তুলনাত বাঢ়িল প্ৰায় ২ লাখ ভোটাৰ। ৰাজ্যত নতুনকৈ ভোটাৰ তালিকাত সোমাল ৭,২৬,৭৮৩ ভোটাৰ। বিশেষভাৱে সক্ষম ভোটাৰ হ'লগৈ ১,৬৯,৬৬৮। ৰাজ্যৰ সৰ্বাধিক ভোটাৰ থকা লোকসভা সমষ্টি হ'ল ধুবুৰী, সৰ্বাধিক ভোটাৰ থকা বিধানসভা সমষ্টি হ'ল দলগাঁও। সৰ্বনিম্ন ভোটাৰ থকা বিধানসভা সমষ্টি হ'লগৈ পশ্চিম কাৰ্বি আংলঙৰ আমৰি। সৰ্বনিম্ন ভোটাৰ থকা লোকসভা সমষ্টিৰূপে পৰিগনিত হ'ল ডিফু। জনতা ভৱনত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সংবাদমেলত নতুন ভোটাৰ তালিকাৰ সবিশেষ প্ৰকাশ কৰি সকলো ভোটাৰক নিজৰ নাম ভোটাৰ তালিকাত পৰীক্ষা কৰিবলৈ আহ্বান জনায়। এতিয়াও ভোটাৰ তালিকাত নাম কৰ্তন, সংশোধন অনলাইন-অফলাইনযোগে কৰিব পাৰিব। নিৰ্বাচন আয়োগৰ www.ceoassam.nic.inত লগ ইন কৰি বা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত আবেদন কৰিব পাৰিব ভোটাৰে।
