নৰসিংহ ৰাও, চৰণ সিং, ড° স্বামীনাথনলৈ ভাৰত-ৰত্ন

প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও আৰু চৌধুৰী চৰণ সিং, আৰু কৃষি বিজ্ঞানী ড০ এম এছ স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰত-ৰত্ন প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি এই কথা প্ৰকাশ কৰিছে৷ ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নৰসিংহ ৰাও ভাৰতৰ অৰ্থনৈতিক উদাৰীকৰণৰ অগ্ৰণী হিচাপে পৰিচিত। শ্ৰমিক আৰু কৃষকৰ অধিকাৰৰ হকে সংগ্ৰাম কৰা চৰণ সিঙে ১৯৭৯ চনত চমু কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।ভাৰতৰ সেউজ বিপ্লৱৰ স্থপতি হিচাপে পৰিচিত ড° স্বামীনাথন এগৰাকী প্ৰখ্যাত বিজ্ঞানী। কেইদিন আগতে প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী, বিজেপি নেতা লালকৃষ্ণ আদৱানি আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী সিঙক ভাৰত-ৰত্ন আগবঢ়োৱাৰ ঘোষণা কৰা হৈছিল৷